বাংলাদেশৰ ইতিহাস ধ্বংসৰ ব্লুপ্ৰিণ্ট! ঐতিহাসিক বাসভৱন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে....

bangladesh

বাংলাদেশত অৰাজকতা! উন্মত্ত প্ৰতিবাদকাৰীৰ ৰোষত জাতিৰ পিতাৰ বাসভৱন। ঐতিহাসিক বাসভৱন জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে। বাংলাদেশৰ ইতিহাস ধ্বংসৰ ব্লুপ্ৰিণ্ট।

বাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বেখ মজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত ৩২ নম্বৰ ধানমণ্ডি বাসভৱন জ্বলাই দিলে উন্মত্ত জনতাই। বুধবাৰে নিশা ৭ বজাত বাংলাদেশৰ জনতাক উদ্দেশ্যে স্ব-নিৰ্বাসিত ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পোনপটীয়া ভিডিঅ’ বাৰ্তা দিবলৈ সাজু হৈছিল। হাছিনাৰ ভাষণ সম্প্ৰচাৰণৰ কথা ঘোষণা কৰি দিছিল আৱামী লীগ আৰু ছাত্ৰ লীগে।

ইয়াৰ পিছতেই ক্ষোভত ৰাজপথলৈ ওলাই আহিছিল শ্বেখ হাছিনা বিৰোধী শক্তিসমূহ। হাছিনাৰ ভাষণৰ বিৰুদ্ধে ঢাকাৰ ৰাজপথত উদগীৰণ হৈছিল হিংসা। শ্বেখ হাছিনাৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে হাছিনাৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হয় জনতাৰ। উন্মত্ত জনতাৰ ৰোষত পৰে বাংলাদেশৰ জাতিৰ পিতা তথা শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মজিবুৰ ৰহমানৰ একালৰ বাসভৱন ৩২ নম্বৰ ধানমণ্ডি। 

উল্লেখ্য যে, হাছিনাই ভাষণ দিব বুলি প্ৰচাৰ চলাৰ পাছতেই বাংলাদেশৰ সামাজিক মাধ্যমত বিয়পি পৰে বুলড’জাৰ মিছিলৰ আহ্বান। এই আহ্বান জনায় শ্বেখ হাছিনা বিৰোধী শক্তিসমূহে। লগে লগে শ্বেখ মজিবুৰ ৰহমানৰ একালৰ বাসভৱন ধানমণ্ডি ৩২ অভিমুখে অগ্ৰসৰ হয় উন্মত্ত জনতা। 

বুধবাৰে নিশা তেতিয়া ৮ বাজিছে! ঢাকাৰ ৰাজপথত সমৱেত হাজাৰ হাজাৰ শ্বেখ হাছিনা বিৰোধী উন্মত্ত প্ৰতিবাদকাৰী। সমদল কৰি গৈ এই উন্মত্ত প্ৰতিবাদকাৰীয়ে শ্বেখ মজিবুৰ ৰহমানৰ ঐতিহাসিক বাসভৱনৰ গেট ভাঙি প্ৰৱেশ কৰিছিল ধানমণ্ডিত। লণ্ডভণ্ড কৰিছিল ঘৰটো। বাসভৱনৰ সা–সম্পত্তি ভাঙি পেলাইছিল। একাংশই দ্বিতীয় মহলাত উঠিছিল। হাতুৰীৰে ঐতিহাসিক ভৱনটোৰ বেৰ আৰু কাঠৰ আচবাব ভাঙি পেলাইছিল। শ্বেখ মজিবুৰ ৰহমানৰ ফটোফ্ৰেমো সাৰি যোৱা নাছিল উন্মত্ত জনতাৰ হাতুৰীৰ কোবৰ পৰা।

নিশা ৯ বজাত ভাষণ দিয়াৰ কথা আছিল শ্বেখ হাছিনাই। তাৰ পূৰ্বে বুলড’জাৰ সমদলৰ আহ্বান দিছিল শ্বেখ হাছিনা বিৰোধী শক্তিসমূহে। নিশা ১১ বজাপৰ্যন্ত জুয়ে গ্ৰাস কৰিছিল শ্বেখ হাছিনাৰ ঐতিহাসিক বাসভৱন। নিশা ১১ বজাতেই ঘটনাস্থলীলৈ নিয়া হৈছিল বুলড’জাৰ আৰু ক্ৰেন। ক্ৰেন আৰু বুলড’জাৰেৰে বাসভৱনৰ একাংশ ভাঙি দিছিল উন্মত্ত প্ৰতিবাদকাৰীয়ে। তাৰ পিছত একাদিক্ৰমে চলিছে প্ৰতিবাদকাৰীৰ ধ্বংসলীলা। সমগ্ৰ অট্টালিকাটোৱেই ভাঙি পেলাইছিল প্ৰতিবাদকাৰীয়ে। 

ধানমণ্ডিতে আছে শ্বেখ হাছিনাৰ ঘৰ ‘সুধা সদন’। জনৰোষত পৰে শ্বেখ হাছিনাৰ ঘৰো। নিশা ১১ বজাত শ্বেখ হাছিনাৰ ঘৰ ‘সুধা সদন’ত অগ্নিসংযোগ কৰে উন্মত্ত প্ৰতিবাদকাৰীয়ে। ইয়াৰ পিছতেই ঢাকাৰ বাহিৰলৈও সম্প্ৰসাৰিত হয় শ্বেখ হাছিনা বিৰোধী প্ৰতিবাদৰ জুই। আনকি খুলনাত থকা শ্বেখ হাছিনাৰ ককাৰ ঘৰটো অগ্নিসংযোগ উন্মত্ত প্ৰতিবাদকাৰীৰ। নিশা ৯ বজাত ঘৰটোত তাণ্ডৱ আৰম্ভ কৰিছিল উন্মত্ত জনতাই।

প্ৰত্যক্ষদৰ্শীৰ মতে, শ্বেখ মজিবুৰ ৰহমানৰ বাসভৱনত প্ৰথমে লুটপাত কৰি দিছিল বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে। তাৰ পিছতেই পৌৰ প্ৰশাসনৰ বুলড’জাৰ, ক্ৰেন লৈ যোৱা হৈছিল ঘটনাস্থলীলৈ। অকল প্ৰয়াত শ্বেখ মজিবুৰ ৰহমানৰ ঐতিহাসিক বাসভৱনতেই আক্ৰমণ নহয়, আৱামী লীগৰ প্ৰাক্তন সাংসদ মাহবুব–উল–আলম হানিফৰ ঘৰতো বুলড’জাৰেৰে আক্ৰমণ প্ৰতিবাদকাৰীৰ।

উল্লেখ্য যে, ভাৰতত শৰণ লৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশবাসীক উদ্দেশ্যে লাইভ অনলাইন ভাষণ দিব বুলি প্ৰকাশ পোৱাৰ পাছতেই বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাদ আব্দুল্লাই চ’ছিয়েল মিডিয়াত এটা পোষ্ট দি ‘আজি নিশা বাংলাদেশ ফেঁচীবাদৰ পৰা মুক্ত হ’ব’ বুলি লিখিছিল।

আনকি শ্বেখ হাছিনাৰ বক্তব্য প্ৰচাৰ কৰিলে বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি সংবাদ মাধ্যমসমূহকো সকীয়াই দিছিল। তাৰ পিছতেই ঢাকাত উদগীৰণ হৈছিল এই হিংসা। বিগত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত পতন হৈছিল শ্বেখ হাছিনা চৰকাৰৰ। সেই সময়তো শ্বেখ মজিবুৰ ৰহমানৰ ধানমণ্ডিৰ ঘৰটো জনৰোষৰ কৱলত পৰিছিল। তাৰ পিছতেই পৰিত্যক্ত অৱস্থাত আছিল ঐতিহাসিক এই ঘৰটো।

বুধবাৰে হাছিনা চৰকাৰৰ পতনৰ ৬ মাহৰ পিছত আকৌ অগ্নিগৰ্ভ হৈ উঠিল ঢাকা। এই ঘৰটোতে সামৰিক অভ্যুত্থানৰ সময়ত হত্যা কৰা হৈছিল বাংলাদেশৰ জাতিৰ পিতা শ্বেখ মজিবুৰ ৰহমানৰ। প্ৰধানমন্ত্ৰী হৈয়ে শ্বেখ মজিবুৰ ৰহমানৰ কন্যা হাছিনাই ধানমণ্ডি ৩২ ঘৰটোক সংগ্ৰহালয়ত পৰিণত কৰে। 

Category