ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ চৰকাৰী বাসগৃহ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব এখন বিবাহ অনুষ্ঠান। অহা ১২ ফেব্ৰুৱাৰীত CRPFৰ বিষয়া পুনম গুপ্তাই তেওঁৰ জীৱন সংগীৰূপে CRPFৰ সহকাৰী কামাণ্ডেণ্ট অবিনাশ কুমাৰৰ লগত বিবাহ পাশত আৱদ্ধ হ'ব।
উল্লেখ্য যে, বৰ্তমান ৰাষ্ট্ৰপতি ভৱনত PSO হিচাপে কৰ্মৰত CRPF বিষয়া পুনম গুপ্তাই ৭৪ সংখ্যক গণৰাজ্য দিৱসত পেৰেডত মহিলা দলক নেতৃত্ব দিছিল। বিভিন্ন তথ্য অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰুৱে তেওঁৰ নিষ্ঠা, পেছা, দায়িত্ব আৰু অনুশাসিত সেৱাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতি ভৱনত বিবাহৰ অনুমতি প্ৰদান কৰে। এই ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে পুনম গুপ্তা ৰাষ্ট্ৰপতি ভৱনত বিবাহপাশত আবদ্ধ হোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হ’ব।
কোন এই পুনম গুপ্তা?
CRPF বিষয়া পুনম গুপ্তাৰ ঘৰ মধ্যপ্ৰদেশত। গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ইংৰাজী সাহিত্যতো স্নাতকোত্তৰ আৰু B.Ed. ডিগ্ৰী লাভ কৰিছিল। ২০১৮ চনৰ UPSC CAPF পৰীক্ষাত অল ইণ্ডিয়া ৰেংকত ৮১তম স্থান দখল কৰা পুনমে বৰ্তমান CRPFত সহকাৰী কামাণ্ডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু বিহাৰৰ নক্সাল প্ৰভাৱিত অঞ্চলৰ লগতে অন্যান্য অঞ্চলত কাম কৰি আহিছে। তেওঁৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ যাত্ৰাই সমগ্ৰ দেশৰ বহু যুৱতীক অনুপ্ৰাণিত কৰে।
পুনমৰ হ'ব লগীয়া স্বামী অবিনাশ কুমাৰ CRPFৰ সহকাৰী কামাণ্ডেণ্ট আৰু বৰ্তমান জম্মু-কাশ্মীৰত নিযুক্তিপ্ৰাপ্ত। ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনৰ মাদাৰ টেৰেছা ক্রাউন কমপ্লেক্সত তেওঁলোকৰ বিয়া অনুষ্ঠিত হ’ব, য’ত পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলে অংশগ্ৰহণ কৰিব।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী গৃহ ৰাষ্ট্ৰপতি ভৱন দেশৰ অন্যতম গুৰুত্বপূৰ্ণ স্থাপত্যৰ ল্যাণ্ডমাৰ্ক। ছাৰ এডউইন লুটিয়েন্সে ডিজাইন কৰা এই বিশাল বাগিচাখন ৩০০ একৰ মাটিত বিস্তৃত। মূল ভৱনটো ২ লাখ বৰ্গফুটত বিস্তৃত, চাৰি মহলাত ৩৪০টা কোঠা। ইটালীৰ কুইৰিনাল পেলেচৰ পিছতে ই বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰপতিৰ বাসগৃহ।
- Log in to post comments