মঙ্গলবাৰ দিনটোত ঘৰ এখনৰ নিগেটিভ এনাৰ্জি কেনেকৈ আঁতৰ কৰিব পাৰি?

hanuman ji

আজি মঙ্গলবাৰ। মঙ্গলবাৰৰ দিনটো ৰাম ভক্ত হনুমানজী ৰ নামৰ উচৰ্গা কৰা হৈছে। মঙ্গলবাৰ দিনটোত হনুমানজী ক পুজিলে তেওঁ সন্তুষ্ট হোৱাৰ লগতে আপুনাৰ জীৱনৰ সকলো নিগেটিভ এনাৰ্জি আঁতৰ কৰাই বুলি বিশ্বাস কৰা হয়। 

গতিকে, জানো আহক ঘৰ এখনৰ পৰা মঙ্গলবাৰ দিনটোত নিগেটিভ এনাৰ্জি কেনেকৈ আঁতৰাব? 

মঙ্গলবাৰে যদি সম্ভৱ pink salt ৰে গা ধুব লাগে, যদি pink salt নাথাকে, তেন্তে খাবলৈ ব্যবহাৰ কৰা নিমখ হ'লেও হয়। নিমখৰে গা ধুবাৰ লগতে নিমখ পানীৰে ঘৰ মচিবও পাৰে।

মঙ্গলবাৰ দিনটোত নিগেটিভ এনাৰ্জি আঁতৰাব কাৰণে হনুমান চালিশা পঢ়িব নাইবা শুনিব পাৰে আৰু পাৰিলে হনুমান মন্দিৰলৈ যাব লাগে আৰু হনুমানজী ক প্ৰসাদ হিচাপে মিঠাই আগবঢ়াব পাৰে। আৰু এই প্ৰক্ৰিয়া প্ৰতি মঙ্গলবাৰে কৰিব পাৰে আৰু এই প্ৰক্ৰিয়া কৰিলে দেখিব যে কেনেকৈ সকলো নকৰাত্মকতা গুচি সুখ শান্তি আহে ঘৰখনত।

মঙ্গলবাৰ দিনটোৰ আটাইতকৈ গুৰুত্ব দিব লগা কথাটো হৈছে এই দিনা কাকো টকা ধাৰলৈ নিদিব আৰু লব নালাগে৷ সন্ধিয়া সময়ত নিগেটিভ আঁতৰ কৰিবলৈ কৰ্পূৰ, লং দি ধূনা দিব পাৰে।

মঙ্গলবাৰ দিনটোত পাৰিলে অলপ হ'লেও ধাৰ বা লোণ থাকিলে পৰিশোধ কৰিব লাগে। মঙলবাৰে ঋণ পৰিশোধ কৰিলে ভাল।


 

Category