অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিত শইকীয়া ডাঙৰীয়াই প্ৰথম অসমীয়াৰূপে ‘আই চি চি ব’ৰ্ড অধ্যক্ষ’ৰ দায়িত্ব লাভ কৰিছে...

sports news

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক সুখবৰ। অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিত শইকীয়া ডাঙৰীয়াই প্ৰথম অসমীয়াৰূপে ‘আই চি চি ব’ৰ্ড অধ্যক্ষ’ [ভাৰতৰ প্ৰতিনিধি] হিচাপে নতুন দায়িত্ব লাভ কৰিছে।

এতিয়াৰে পৰা বি চি চি আইৰ প্ৰতিনিধি হিচাপে ভাৰতক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদত ব’ৰ্ড অধ্যক্ষৰূপে শ্ৰীযুত শইকীয়াই প্ৰতিনিধিত্ব কৰিব। বিশ্ব ক্ৰিকেটত নতুন দায়িত্ব লাভ কৰা শইকীয়া ডাঙৰীয়ালৈ শুভেচ্ছা। তেওঁৰ নেতৃত্বত ইতিমধ্যে অসম তথা উত্তৰ-পূৱ লগতে দেশৰ ক্ৰিকেটক্ষেত্ৰসহ অন্য খেলতো আধুনিক আন্তঃগাঠনি আৰু খেলুৱৈৰ গৌৰৱময় সফলতাৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে।

বি চি চি আইৰ যুটিয়া সম্পাদক, এ চি এৰ প্ৰাক্তন সম্পাদক তথা গুৱাহাটী ক্ৰীড়া সন্থা আৰু ঐতিহ্যমণ্ডিত গুৱাহাটী টাউন ক্লাবৰ সম্পাদক পদত থকা শইকীয়াক অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা অভিনন্দন।
 

Category