প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰ VIDEO CLASSৰ বাবে মুকলি ই-কক্ষ। কাহিলীপাৰা সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত মিছন জ্ঞানৰ ই-কক্ষ মুকলি অনুষ্ঠান। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰিলে ই-কক্ষ।
শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ উপস্থিতিত ই কক্ষ মুকলি অনুষ্ঠান। দশম শ্ৰেণীলৈ সকলো পাঠৰ অসমীয়া ভাষাত VIDEO আকাৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। শীঘ্ৰেই বড়ো আৰু বাংলা ভাষাতো প্ৰস্তুত কৰা হ’ব পাঠদানৰ VIDEO।
YOUTUBE চেনেলযোগেও উপলব্ধ হ’ব পাঠসমূহ। মোবাইল এপ ‘মিছন জ্ঞান’যোগে উপলব্ধ হ’ব এই VIDEO সমূহ। মিছন জ্ঞান নামৰ এটা NGOই প্ৰস্তুত কৰিছে এই VIDEO CLASSসমূহ।
NGOৰ এই কামত সহযোগিতা আগবঢ়াইছে শিক্ষা বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। ‘ই-কক্ষ অসম’ YOUTUBE চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও পাঠ গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে।
পৰৱৰ্তী সময়ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবেও প্ৰস্তুত কৰিব VIDEO CLASS। VIDEO CLASSসমূহ প্ৰস্তুত কৰাত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰশংসা শিক্ষামন্ত্ৰীৰ।
- Log in to post comments