আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আমেৰিকাৰ আদালতৰ। বিশ্বৰ অন্যতম ধনী ব্যক্তি তেওঁ। শাসক পক্ষৰো ঘনিষ্ঠ৷ নাম গৌতম আদানী। সেইজন গৌতম আদানী এতিয়া মহা শংকটত ৷ ভাৰতৰ চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ প্ৰস্তাৱ দি সংকটত পৰিছে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী ৷
অভিযোগ অনুসৰি, সৌৰ প্ৰকল্প লাভৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২,২৩৭ কোটি টকাৰ উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল এইজন ভাৰতীয় উদ্যোগপতিয়ে । সংবাদ মাধ্যমৰ বাতৰি মতে, এই অভিযোগতে- গৌতম আৰু ভতিজাক সাগৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আমেৰিকাৰ আদালতে৷ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে নিউয়র্কৰ ফেডাৰেল ক’র্টে। অভিযুক্ত কৰিছে আদানীসহ মুঠ ৭ জনক।
অভিযোগ, আদানী গ্ৰীণ এনাৰ্জীৰ সৌৰ প্ৰকল্পৰ বাবে কাম আদায় কৰিবলৈ ভাৰত চৰকাৰৰ বিষয়াক এই উৎকোচৰ প্ৰস্তাৱ দিছিল আদানীয়ে ! আমেৰিকাৰ অধিবক্তাই আদালতত দাখিল কৰা তথ্য মতে, আদানীয়ে এই সন্দৰ্ভত- বিষয়াৰে ব্যক্তিগতভাৱে যোগাযোগ কৰাৰ তথ্যও পোৱা গৈছে। স্বাভাৱিকতে, এই খবৰে দেশজুৰি সৃষ্টি কৰিছে আলোড়নৰ ৷ কিন্তু, ভাৰত চৰকাৰৰ বিষয়াক দিয়া প্ৰস্তাৱৰ বাবে আমেৰিকাত গোচৰ কিয়?
প্ৰকৃততে – মিচা তথ্যৰে আমেৰিকাৰ প্ৰতিষ্ঠানৰ পৰা ধন বিনিয়োগৰ চেষ্টা চলোৱাৰ বাবেই আদানী আৰু আনসকলৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ ৷ নিউয়র্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টৰ ইউএছ এটর্নিৰ কাৰ্যালয়ে জাৰি কৰা বিজ্ঞপ্তি মতে আদানী গ্ৰীণ এনাৰ্জীয়ে মিচা তথ্যৰে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহৰ চেষ্টা চলাইছিল। বেংককো দিয়া হৈছিল একেই মিচা তথ্য৷ এনে প্ৰৱঞ্চনাৰ বাবেই আমেৰিকাৰ আদালতৰ ৰোষত পৰিবলগীয়া হ’ল মহাপ্ৰতাপী আদানী ৷
আদানীক গ্ৰেপ্তাৰৰ দাবী ৰাহুল গান্ধীৰ উৎকোচ কাণ্ডত সাঙোৰ খাই পৰা গৌতম আদানীক গ্ৰেপ্তাৰৰ দাবী জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা দিছে আদানীক সাংবাদিকৰে বাৰ্তালাপত এই অভিযোগো তুলিলে সততে আদানী-আম্বানীৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগ্ৰেছ সাংসদজনে ৷
- Log in to post comments