মাত্ৰ দুবছৰত বিনিয়োগ প্ৰায় ডেৰ হাজাৰ কোটি! বিয়াগোম AD STOCKৰ হাইপ্ৰ’ফাইল ট্রেডিং গোচৰ CBIলৈ হস্তান্তৰ....

AD Stock

বিয়াগোম AD STOCKৰ হাইপ্ৰ’ফাইল ট্রেডিং গোচৰ CBIলৈ হস্তান্তৰ
প্ৰৱঞ্চক অল্পনা দাসৰ কেলেংকাৰীৰ গোচৰৰ তদন্ত কৰিব CBIয়ে
AD STOCK ট্ৰেডিঙৰ নামত অল্পনাই মেলিছিল প্ৰৱঞ্চনাৰ জাল
AD STOCKত মাত্ৰ দুটা বছৰতে বিনিয়োগ হৈছিল প্ৰায় ডেৰ হাজাৰ কোটি
অসম, মেঘালয়, পশ্চিমবংগ, বাংগালোৰৰ লোকেও বিনিয়োগ কৰিছিল ধন
মৌমিতা চক্ৰৱৰ্তী নামৰ অধিবক্তাৰে মিলি ২০২১ত অল্পনাই খুলিছিল AD STOCK 
অংশীদাৰ আছিল অল্পনাৰ বান্ধৱী মমতাজ বেগম আৰু অল্পনাৰ ভাতৃ শুভম দাস
কেলেংকাৰী পোহৰলৈ অহাৰ পূৰ্বে অল্পনা বাহিনীয়ে বন্ধ কৰিছিল ক’লা সাম্ৰাজ্য 
২০২৩ৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীৰ পৰাই অন্তৰ্ধান হৈছিল অল্পনাবাহিনী
দিছপুৰ থানাত এই কেলেংকাৰীক লৈ ৰুজু হৈছিল ৮৪৯/২৪ নং গোচৰ
৫৩ গৰাকী বিনিয়োগকাৰীয়ে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ
১৩% সুত, অতিৰিক্ত অফাৰৰ লগতে অল্পনা বাহিনীয়ে দিছিল টকা ডাবলৰ টোপ
পূৰ্বতে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ মেনেজাৰ হিচাপে কাম কৰিছিল অল্পনাই
পলাতক অল্পনা দাসক বিচাৰি অভিযান আৰম্ভ মহানগৰ আৰক্ষীৰ

Category