ৰাশিফল অনুসৰি কি খাদ্য খালে আপোনাৰ বাবে বেছি ফলদায়ক হয়?

food vastu

জটিলতাৰ জীৱনটো সহজ কৰি তুলিবলৈ বৰ্তমান সময়ত প্ৰায় সকলো মানুহেই বাস্তু শাস্ত্ৰ আদি পালন কৰে। আজি জানো আহক- ৰাশিফল অনুসৰি কি খাদ্য খালে আপোনাৰ বাবে বেছি ফলদায়ক হয়?

মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকা সকলে সাধাৰণতে খাদ্যৰ তালিকাত সেউজীয়া শাক-পাচলি, তিয়ঁহ, জলফাই, আপেল, মূলা, কাঠবাদাম, বন্ধাকবি আৰু মচুৰ দাইল অন্তৰ্ভুক্ত কৰিব পাৰে। এই খাদ্যবোৰ আপোনাৰ শৰীৰৰ বাবে বাৰুকৈয়ে উপযোগী।

বৃষ ৰাশি - বৃষ ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত ক্ৰেনবেৰী, ফুলকবি, পিয়াজ, বীটৰুট, ৰঙালাও, কণী আদি যোগ দিব পাৰে।

মিথুন ৰাশি - মিথুন ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত শাক, নেমুজাতীয় ফল, পালেং শাক, কমলা, আমলখি, বিলাহী, প্লাম, গাজৰ আৰু নাৰিকল আদি অন্তৰ্ভুক্ত কৰাটো ফলদায়ক।

কৰ্কট ৰাশি -  কৰ্কট ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত আমিষ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। কৰ্কট ৰাশিৰ সকলোৱে তৰমুজ, শালগোম, বন্ধাকবি, কাঠফুলা. তিয়ঁহ যথেষ্ট ফল আদি খাদ্য গ্ৰহণ কৰিব লাগে। আনহাতে, শ্বেতসাৰযুক্ত খাদ্য আদি পৰিহাৰ কৰিব লাগে।

সিংহ ৰাশি -  সিংহ ৰাশি জাতক-জাতিকা সকলে তেওঁলোকৰ আহাৰ কাৰ্ব আৰু প্ৰ'টিন সমৃদ্ধ খাগ্যৰ সৈতে সন্তুলিত ৰাখিব লাগে। তেওঁলোকৰ বাবে ডুমুৰ, নেমু, নাৰিকল, কণী, সূৰ্যমুখী ফুলৰ বীজ আৰু লো সমৃদ্ধ খাদ্য যেনে আপেল, বীট, পালেং শাক ইত্যাদি বেছি আৱশ্যকীয়।

কন্যা ৰাশি - কন্যা ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত দৈনিকভাৱে বাদাম, সম্পূৰ্ণ ঘেহুঁ, অটচ, জলফাই, দাইল, লাচি আৰু চালাদ আদি অন্তৰ্ভুক্ত কৰিব লাগে।

তুলা ৰাশি - তুলা ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত ব্ৰাউন ৰাইচ, মটৰ, অটমিল, কিচমিচ, ষ্ট্ৰবেৰী, পালেং শাক, মাকৈ আৰু গাখীৰ আদি অন্তৰ্ভুক্ত কৰিব লাগে।

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত কল, পিয়াজ, ডুমুৰ, ফুলকবি, মূলা, ক'লা চেৰী, চৰ্বিহীন মাংস, অন্যান্য পানী সমৃদ্ধ পাচলি আৰু সেউজীয়া চালাড আদি অন্তৰ্ভুক্ত কৰিব লাগে।

ধনু ৰাশি - ধনু ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত দৈনিকভাৱে বাদাম, সম্পূৰ্ণ ঘেহুঁ, অটচ, জলফাই, দাইল, লাচি আৰু চালাদ আদি অন্তৰ্ভুক্ত কৰিব লাগে।

মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত গাখীৰ, দৈ, সম্পূৰ্ণ ঘেহুঁ, অটচ, বাদাম, চৰ্বিহীন মাংস, বন্ধাকবি আৰু মচুৰ দাইল অন্তৰ্ভুক্ত কৰিব পাৰে।

কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত শাক, নেমুজাতীয় ফল, পালেং শাক, কমলা, আমলখি, বিলাহী, প্লাম, গাজৰ আৰু নাৰিকল আদি অন্তৰ্ভুক্ত কৰাটো ফলদায়ক।

মীন ৰাশি - মীন ৰাশি জাতক-জাতিকা সকলে খাদ্যৰ তালিকাত ক্ৰেনবেৰী, ফুলকবি, কণী, নেমুজাতীয় ফল, পালেং শাক, কমলা, আমলখি, বীটৰুট আদি অন্তৰ্ভুক্ত কৰিব লাগে।

Category