আজি গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই মহাবীৰ লাচিত বঁটা প্ৰদান সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল সম্বোধন কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে- আক্ৰমণ কাৰী আৰু আগ্ৰাসী মোগলৰ পৰা অসমৰ স্বাধীনতা ধৰি ৰখাৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকনক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ বাবে টাইপাই ২০১২ চনৰ পৰা ধাৰাবাহিক ভাৱে মহাবীৰ লাচিত দিৱস অনুষ্ঠিত কৰি অহাৰ লগতে মহান সেনানায়ক গৰাকীৰ স্মৃতিত বঁটা প্ৰদান কৰি আহিছে। টাইপাৰ সভাপতি গৰাকীয়ে ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বৰফুকন বঁটাৰ বাবে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড৹ কে. চি. নৌৰীয়ালক নিৰ্বাচিত কৰা হৈছে বুলি ঘোষণা কৰে।
চৰাইদেউৰ মৈদাম স্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভূক্ত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত গাইড হিচাপে ড্ৰছিয়াৰ প্ৰস্তুত কৰাকে ধৰি যাৱতীয় নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পালন কৰা মূখ্য ভূমিকাৰ বাবে ড৹ কে.ছি. নৌৰীয়ালক ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি সংবাদ মেলত টাইপাৰ সভাপত দিগন্ত তামুলীয়ে জানিবলৈ দিয়ে । এই বঁটা অহা ২৪ নবেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত ড৹ নৌৰীয়ালক প্ৰদান কৰা হব। এই বঁটাত এখন হেংদান, এজোৰ টাই আহোম পৰম্পৰাগত সাজ, প্ৰশস্তি পত্ৰ, স্মাৰক আদি প্ৰদান কৰা হ'ব।
সংবাদ মেলত টাইপা মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ উদযাপন সমিতিৰ সভাপতি ভাস্কৰ জে.গগৈয়ে উক্ত দিনৰ সমূহ কাৰ্যসূচীত জ্ঞাতিবৰ্গ আৰু অসম বাসী ৰাইজক উপস্থিত থাকিবৰ বাবে আহ্বান জনোৱাৰ লগতে অনুষ্ঠানটি সফল আয়োজনৰ বাবে সকলোৰে দিহা-পৰামৰ্শ তথা সহায় - সহযোগিতা বিচাৰি অনুৰোধ জনাই। মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান সফল ৰূপায়নৰ বাবে মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান সফল ৰূপায়নৰ বাবে ভাস্কৰ জে. গগৈক সভাপতি, সঞ্জীৱ বৰুৱা আৰু পাৰ্থ প্ৰতিম গগৈক কাৰ্যকৰী সভাপতি, ৰূপজ্যোতি গগৈক সাধাৰণ সম্পাদক, বিজু শইকীয়া আৰু মৃগাংক বুঢ়াগোহাঁইক সহকাৰী সম্পাদক ৰূপে লৈ পাঁচ খন উপ সমিতি সহ ১২৫ জনীয়া এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।
আজিৰ সংবাদ মেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীৰ লগতে কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া, যুটীয়া সম্পাদক দীপজ্যোতি দুৱৰা, শোভন কোঁৱৰ, সহকাৰী সম্পাদক সুৰজ গগৈ, কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰুৱা, কাৰ্যকৰী সভাপতি দেবজিত বুঢ়াগোহাঁই, সম্পাদক জয়ন্ত গগৈ উপস্থিত থাকে।
- Log in to post comments