বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া
‘এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাটকতা’
‘১৬টা ৰাজনৈতিক দলক কথা দি কথা নাৰাখিলে কংগ্ৰেছে’
কংগ্ৰেছে এনে এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিলে যিজন বিজেপিত আছিল
জয়ন্ত বৰাক একে ৰাতিতে কংগ্ৰেছে দিলে প্ৰাৰ্থিত্ব
কংগ্ৰেছৰ কোনো নীতি-আদৰ্শ নাই, কেবল ক্ষমতাহে লাগে
ভূপেন বৰা-গৌৰৱ গগৈৰ অন্তঃকন্দল চলি আছে
যদুবংশ ধ্বংস কৰাৰ কাম আমি নকৰো : অখিল গগৈ
গৌৰৱ গগৈয়ে ভূপেন বৰাক গাদীচ্যুত কৰি ক্ষমতা নিজৰ হাতলৈ আনিব বিচাৰিছে বুলিও মন্তব্য কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে লগতে ক’লে ভূপেন বৰাৰ শিবিৰে বিৰোধীৰ মাজত ঐক্যতা বিচাৰিছিল। আজি অনুষ্ঠিত হ’বলগীয়া বিৰোধী ৰাজনৈতিক দলসমূহৰ সভাত সকলো কথা পুংখানুপুংখকৈ আলোচনা কৰা হ’ব বুলিও মন্তব্য কৰিলে অখিল গগৈয়ে।
- Log in to post comments