সাগৰীয় ঘূৰ্ণী ‘ডানা’ৰ ভয়ংকৰ ৰূপ! ‘ডানা’ৰ বাবে কোন কোন জিলাত ৰে’লৰ চলাচল বাতিল কৰা হৈছে?

dana

অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব সাগৰীয় ঘূৰ্ণী ‘ডানা’এ। প্ৰতিঘণ্টাত ১২০ কিলোমিটাৰ বেগত আহিব ধুমুহা। আজি নিশা ওড়িশা আৰু পশ্চিমবংগ উপকুলত প্ৰৱেশৰ সম্ভাৱনা। সাগৰীয় ঘূৰ্ণী ডানাৰ বাবে ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি কৰা হৈছে। ২৪-২৫ অক্টোবৰত দুয়োখন ৰাজ্যত ঘূৰ্ণীৰ প্ৰভাৱ পৰাৰ ধাৰাষাৰ বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।

আনহাতে, সাগৰীয় ঘূৰ্ণী ‘ডানা’ৰ বাবে ওড়িশা আৰু পশ্চিম বংগৰ কেইবাখনো জিলাত মুঠ ১৯৭খন ৰে’লৰ চলাচল বাতিল কৰা হৈছে লগতে বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰা হৈছে।

rail station

উল্লেখ্য যে, পশ্চিম বংগ আৰু ওড়িশাত দক্ষিণ-পূব ৰে’লৱেই বাতিল কৰিছে কেইবাখনো ৰে’ল। দেশৰ বিভিন্ন প্ৰান্তৰ সৈতে সংযোগ কৰা কেইবাখনো ৰে’ল ​​বাতিল। বাতিল কৰা ৰে’লৰ ভিতৰত ৯৪খন ওড়িশা হৈ দক্ষিণলৈ যোৱাৰ বিপৰীতে ১০৩খন পশ্চিম বংগৰ মাজেৰে পূব দিশলৈ যাবলগীয়া ৰে’ল।। ২৩ অক্টোবৰত সতৰ্কতামূলক ব্যৱস্থা হিচাপে অসমৰ পৰা যোৱা ৫খন ৰে’ল আৰু অসম অভিমুখী ৰে’ল বাতিল কৰা হৈছে।

১২৫৫২ কামাখ্যা-বেংগালুৰু এচি ছুপাৰফাষ্ট এক্সপ্ৰেছ, ১২৫১৪ শিলচৰ-চিকন্দ্ৰাৰাবাদ এক্সপ্ৰেছ, ২২৫০৪ ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। ১২৫০৯ বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ২২৫০৩ কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে।

Category