৪০ বছৰীয়া হ'ল অসম গণ পৰিষদ! চাবুৱাৰ জেৰাইগাঁৱৰ পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত প্ৰতিষ্ঠা দিৱস....

AGP

আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসটি ১৪ অক্টোবৰত ডিব্ৰুগড়ৰ চাবুৱাৰ জেৰাইগাঁৱৰ পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হয়। জাতিটোক মনে-প্ৰাণে ভালপোৱা সহস্ৰাধিক জনতাৰ বৃহৎ সমাৱেশ ঘটা অগপৰ এই প্ৰতিষ্ঠা দিৱস পৰিণত হয় মহামিলনস্থলীত।

এই অনুষ্ঠানত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই কয়- ‘অগপক নতুন ৰূপত প্ৰাণৱন্ত কৰি তুলিলে অসমো নতুন ৰূপত প্ৰাণৱন্ত হৈ উঠিব। অসমীয়া জাতিয়ে ভাষা-কৃষ্টি-সংস্কৃতিকে ধৰি জাতীয় জীৱনৰ বিভিন্ন দিশৰ সুৰক্ষাৰ স্বাৰ্থত অসম গণ পৰিষদৰ,পৰা বহুখিনি আশা কৰে। অগপ নিজৰ স্থিতিত সদায় অটল হৈ আছে আৰু থাকিব। অগপৰ লক্ষ্য কেৱল অসমীয়া জাতিৰ সৰ্বাংগীণ সুৰক্ষা। শংকৰ-মাধৱ, জ্যোতি-বিষ্ণু, ভূপেনদাৰ আদৰ্শেৰে আমি অসমখনক ন উদ্যমেৰে আগুৱাই লৈ যাম। মাতৃভূমি অসমৰ বাবেই আমি নিৰন্তৰ যুঁজি যাম। বৃহত্তৰ অসমীয়া সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে আমি নিষ্ঠাৰে আৰু দায়বদ্ধভাৱে কাম কৰি যাম’।

লগতে, ১৪ অক্টোবৰৰ সভাতেই এক বৃহৎ ডিজিটেল সদস্যভৰ্তি অভিযান আৰম্ভ কৰা হয়।। এতিয়াৰেপৰা ৭৩০৪৪-৭৩০৪৪ ডায়েল কৰি ডিজিটেল পদ্ধতিৰে অগপৰ সদস্য হ'ব পাৰিব। দলটো শক্তিশালী কৰাৰ স্বাৰ্থত এই সদস্যভৰ্তি অভিযান সফল কৰি তোলাৰ বাবে দলীয় সতীৰ্থসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ সভাপতি বৰাই আহ্বান জনায়।

অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত অগপৰ এই পৱিত্ৰ দিনটোত জেৰাইত উপস্থিত থাকি কয় ‘অসম গণ পৰিষদ মানেই খিলঞ্জীয়াৰ সুৰক্ষা। অসম গণ পৰিষদ মানেই আঞ্চলিকতাবাদৰ অটল বটবৃক্ষ। অসম গণ পৰিষদে প্ৰগতিবাদী জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আগুৱাই গৈছে। ভৱিষ্যতৰ দিনতো অসমত আঞ্চলিকতাবাদৰ সুৰক্ষাৰ হকে ৰাইজৰ আশিস শিৰত লৈ নতুন শক্তিৰে প্ৰাণৱন্ত হৈ আগুৱাই যাব’ 

Category