পৰ্যটকৰ বাবে আজি মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

Kaziranga National Park

পৰ্যটকৰ বাবে আজি মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
বনমন্ত্ৰীয়ে মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
উপস্থিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
উপস্থিত মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা
আজিৰে পৰাই পৰ্যটকে লাভ কৰিব জীপ চাফাৰিৰ সুবিধা
১ নৱেম্বৰৰ পৰা লাভ কৰিব হাতী চাফাৰীৰ সুবিধাও


দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা মুকলি হ’ল কাজিৰঙাৰ দুৱাৰ। কাজিৰঙা মুকলি হোৱাৰ লগে লগে জীপ চাফাৰী আৰম্ভ ২০২৪–২৫ পৰ্যটন বৰ্ষৰ। ৫ মাহজোৰা অপেক্ষাৰ অন্তত হাঁহি বিৰিঙিছে প্ৰায় ৪০০ জীপ চালকৰ।

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ফিটা কাটি উদ্বোধন ২০২৪–২৫ পৰ্যটন বৰ্ষৰ। কাজিৰঙা জীপ চাফাৰী কাৰ্যালয়ৰ সন্মুখত উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে শুভৰম্ভ হয় পৰ্যটন বৰ্ষৰ। আজি মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকক আদৰিবলৈ সাজু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। 
 

Category