১৭৭ দিন পিছত মুকলি আকাশৰ তললৈ কেজৰিৱাল, কি কি চৰ্তৰ সাপেক্ষে জামিন লাভ?....

Arvind Kejriwal

সুৰানীতিৰ কেলেংকাৰিত সৰ্বোচ্চ ন্যায়ালয়ে EDৰ গোচৰত জামিন দিছিল যদিও CBIৰ গোচৰত কাৰাবন্দী অৰবিন্দ কেজৰিৱালে পুনৰ দ্বাৰস্থ হৈছিল সৰ্বোচ্চ ন্যায়ালয়ৰ। সুদীৰ্ঘ ১৭৭ দিন তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যিকোনো মূহূৰ্ততে ওলাই আহিব মুকলি আকাশৰ তললৈ। দিল্লীৰ সুৰানীতিৰ কেলেংকাৰিত চলিত বৰ্ষৰ ২১ মাৰ্চত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল EDয়ে। সৰ্বোচ্চ ন্যায়ালয়ে 
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চৰ্তসাপেক্ষ জামিন সৰ্বোচ্চ ন্যায়ালয়ৰ

৬টা প্ৰধান চৰ্তত জামিন কেজৰিৱালক

১. মুখ্যমন্ত্ৰীৰ কাৰ্যালয় যাব নোৱাৰিব কেজৰিৱালে
২. কোনো চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব কেজৰিৱালে
৩. বিচাৰাধীন গোচৰটোৰ সন্দৰ্ভত ৰাজহুৱা বিবৃতি দিব নোৱাৰিব
৪. জামিনৰ বাবে দিব লাগিব ১০ লাখ টকাৰ ‘বেইল-বণ্ড’
৫. সাক্ষ্যক প্ৰভাৱাম্বিত অথবা তদন্তত বিধি-পথালি দিব নোৱাৰিব কেজৰিৱালে
৬. প্ৰয়োজনত বিচাৰ প্ৰক্ৰিয়াত পূৰ্ণ সহযোগ কৰিব লাগিব কেজৰিৱালে

মুখ্যমন্ত্ৰী কেজৰিৱালৰ জামিনৰ পিছতেই উৎফুল্লিত হৈ পৰিছে আপ নেতৃত্ব। তাৎক্ষণিকভাৱে আপৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক কৰ্মসূচীক লৈ আৰম্ভ হৈছে তৎপৰতা। অহা ৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব ল’ব অৰবিন্দ কেজৰিৱালে। হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনতেই এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমি পাৰ্টীয়ে। অৰবিন্দ কেজৰিৱালৰ জামিন লাভে আগন্তুক নিৰ্বাচন আৰু দিল্লীৰ ৰাজনীতিত কি প্ৰভাৱ পেলায় সেয়া লক্ষ্যণীয় হ’ব। 
 

Category