অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ পৰিণতি! মহানগৰ আৰক্ষীৰ জালত ট্ৰেডাৰ স্বপ্ননীল দাস....

Swapnanil Das

আৰক্ষীৰ জালত ইজনৰ পিছত সিজনকৈ ট্ৰেডাৰ। অনলাইন ট্ৰেডিঙৰ লুণ্ঠনকাৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক স্বপ্ননীল দাস। 

নিশা বেলতলাৰ এটা অট্টালিকাৰ পৰা আটক কৰা হয় স্বপ্ননীল দাসক। স্বপ্ননীল দাসৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে। 

swapnanil

ট্ৰেডিং এপৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ স্বপ্ননীলৰ বিৰুদ্ধে। ব্লেক ষ্টোন নামৰ ট্ৰেডিং APPৰ জৰিয়তে চলাইছিল লুণ্ঠন। এজন ব্যক্তিৰ পৰা ১৭ লাখ টকা লুণ্ঠনৰ অভিযোগ। WHATSAPP গ্ৰুপৰ জৰিয়তে লুটিছিল এই ১৭ লাখ টকা।

সামাজিক মাধ্যমত এই তথ্য মুকলিকৈ প্ৰকাশ ভুক্তভোগীৰ। নিশা দিছপুৰ আৰক্ষীয়ে জব্দ কৰে দুখন বিলাসী বাহনো। স্বপ্ননীলৰ সমৰ্থনত দিছপুৰ থানাত অৰ্ধশতাধিক ব্যক্তি। স্বপ্ননীলৰ সমৰ্থনত ওলাই আহিছে শিক্ষাৰ্থী।

Category