DB STOCKৰ পিছত এইবাৰ IIBIT, পুনৰ বিত্তীয় প্ৰৱঞ্চনাৰ বলি প্ৰায় ১২০০ লোক...

IIBIT

পুনৰ মহানগৰীত বিত্তীয় প্ৰৱঞ্চনাৰে লুটিলে ধন 
DB STOCK ৰ‌ দৰে প্ৰবঞ্চনা IIBIT নামৰ প্ৰতিষ্ঠানৰ
মিণ্টু দাস ওৰফে ৰোহিত দাস, চন্দ্ৰলিকা মেধি চলালে লুণ্ঠন
IIBITৰ‌ নামত লুণ্ঠন চলাই উদৰস্থ কেইবা কোটি টকা
প্ৰতিষ্ঠানটোত গণ্য-মান্য ব্যক্তিয়েও বিনিয়োগ কৰিছিল ধন
প্ৰায় ১২০০ লোকে বিনিয়োগ কৰিছিল প্ৰতিষ্ঠানটোত
 
STOCK মাৰ্কেটত ধন বিনিয়োগ কৰাৰ প্ৰলোভনেৰে বিনিয়োগ কাৰী সকলৰ পৰা ধন‌‌ লৈছিল মিন্টু দাসে । প্ৰতিমাহে লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতিৰে বিনিয়োগকাৰীৰ পৰা সৰকাইছিল ধন। প্ৰথমে ঠিকে আছিল যদিও হোৱা বিত্তীয় খেলিমেলিত পোহৰলৈ আহে সমগ্ৰ ঘটনা। বিভিন্ন অজুহাতত ধন ঘূৰাই নিদিয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰক্ষী আৰু BIEOত গোচৰ ৰুজু কৰে ভুক্তভোগীয়ে।

সম্প্ৰতি IIBIT ৰ স্বত্বাধিকাৰী ৰোহিত দাস ওৰফে মিন্টু দাস আৰু তেওঁৰ পত্নী চন্দ্ৰালিকা মেধিয়ে‌ ম’বাইল ফোন বন্ধ কৰি পলায়ন কৰাৰ অভিযোগ। অভিযোগ অনুসৰি কেইবাশ কোটি হৰলুকি কৰি অন্তৰ্ধান অভিযুক্ত মিণ্টু দাস, চন্দ্ৰালিকা মেধি।

Category