বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত চৰকাৰে কি কি চিন্তাচৰ্চা কৰিছে? জানো আহক....

Child Marriage

মুছলমান বিবাহ আইনক লৈ উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি
বাল্যবিবাহ ৰোধৰ বাবে এই আইন বাতিল কৰা বুলি ন্যায়ালয়ক অৱগত কৰে চৰকাৰে
সেয়ে অসমৰ বাল্যবিবাহ প্ৰতিৰোধ সন্দৰ্ভত সবিশেষ তথ্য চৰকাৰক দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ
মুছলমান বিবাহ আৰু পঞ্জীয়ন আইন বাতিল কৰাৰ বিৰুদ্ধে এই আবেদন

বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত চৰকাৰে কি কি পদক্ষেপ ল’লে আৰু ভৱিষ্যতৰ বাবে কি চিন্তাচৰ্চা কৰিছে। এই সন্দৰ্ভত বিতং তথ্য দিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে আদালতে মুছলিম বিবাহ আৰু তালাক আইন ১৯৩৬ বাতিল সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে মুছলিম বিবাহ আৰু তালাক আইন ১৯৩৬খন বাতিলৰ বাবে মাৰ্চ মাহত অধ্যাদেশ জাৰি কৰিছিল। এই অধ্যাদেশৰ বিৰুদ্ধে অসম কাজী সন্থাসহ ৯৪গৰাকী কাজীয়ে আদালতৰ দ্বাৰস্থ হয়। সমগ্ৰ বিষয়টোত ৬খনকৈ লেখ আবেদন দাখিল হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। ২৭ আগষ্টত আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে।

Category