গুৱাহাটীত ট্ৰেণ্ডিং প্ৰৱঞ্চকৰ ভয়ংকৰ জাল। চিট ফাণ্ড কেলেংকাৰীৰ নামত কোটি কোটি টকা লুন্ঠন কৰি পলায়ন মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে আটক কৰিছে প্ৰেয়সী মনালিছাক। খাৰঘূলিৰ পৰা পাণবজাৰ আৰক্ষীয়ে আটক কৰে প্ৰেমিকা মনালিছাক। বৰ্তমান পাণবজাৰ মহিলা থানাত ৰখা হৈছে দীপাংকৰৰ প্ৰেয়সীক।
আনহাতে, প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে যাতে বিদেশলৈ পলায়ন কৰিব নোৱাৰে তাৰ বাবে ভিছা বাতিল কৰা হৈছে ।
উল্লেখ্য যে, শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি সৰ্বস্বান্ত হৈ পৰিছে হাজাৰজন লোক। প্ৰৱঞ্চনাৰ জাল পাতি কোটি কোটি টকা লৈ পলায়ন দীপাংকৰ বৰ্মনৰ। DB STOCK BROKING প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উথ্থাপন হৈছে।
গ্ৰাহকক দুগুণ ধন দিয়াৰ প্ৰলোভনেৰে লুণ্ঠন দীপাংকৰ বৰ্মনৰ। ৪ হাজাৰ কোটি টকা আত্মসাৎ কৰি পলায়ন দীপাংকৰ বৰ্মনৰ। এঞ্জেল ৱানৰ ব্ৰকাৰ DB STOCK BROKING।
গুৱাহাটীৰ লগতে নলবাৰী, হায়দৰাবাদতো আছে শাখা। গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ শাখাত এতিয়া ওলমিল তলা। বিদেশৰ বিনিয়োগকাৰীয়েও বিনিয়োগ কৰিছিল ধন। হায়দৰাবাদৰ এজন বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছিল ২৫ কোটি। অষ্ট্ৰেলিয়াৰ বাসিন্দাই বিনিয়োগ কৰিছিল ৬০ লাখ টকা।
- Log in to post comments