এসপ্তাহত কোটিপটি হ'ল OLAৰ স্বত্বাধিকাৰী ভবিষ আগৰৱালা। শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ পিছত OLA ইলেক্ট্ৰিক মবিলিটি (Ola Electric Mobility)ৰ শ্বেয়াৰ ৰকেটৰ দৰে বৃদ্ধি পোৱাৰ লগতে এসপ্তাহত বিনিয়োগকাৰীৰ ধন দুগুণ বৃদ্ধি পোৱাত। কোম্পানীৰ স্বত্বাধিকাৰী ভৱিষ আগৰৱালাৰ নেট ৱৰ্থতো ইয়াৰ প্ৰভাৱ দেখা গৈছে।
ইলেক্ট্ৰিক স্কুটাৰ নিৰ্মাতা কোম্পানী OLA ইলেক্ট্ৰিক মবিলিটি (Ola Electric Mobility)ৰ শ্বেয়াৰে ষ্টক মাৰ্কেটত অন্তভুক্ত হোৱাৰ পিছৰে পৰা টকাৰ ঢৌ তুলিছে। মাত্ৰ এসপ্তাহ ব্যৱসায়িক দিনতে এই ষ্টকত বিনিয়োগ কৰা ধন দুগুণ বৃদ্ধি পাইছে। আনফালে কোম্পানীটোৰ CEO ভবিষ আগৰৱালাৰ নেট ৱৰ্থতো প্ৰভাৱ পেলাইছে। প্ৰতিবেদন অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২১ হাজাৰ কোটি টকা হৈছেগৈ।
বজাৰত তালিকাভুক্ত হোৱাৰ লগে লগে ষ্টকটো ৰকেটত পৰিণত হয়
শেহতীয়াকৈ শ্বেয়াৰ বজাৰত আত্মপ্ৰকাশ কৰা OLA ইলেক্ট্ৰিকৰ শ্বেয়াৰত চলিত মাহৰ ২ আগষ্টত আই পি অ’ মুকলি হোৱাৰ পিছত কোম্পানীটোৰ শ্বেয়াৰ ৯ আগষ্টত তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ পিছৰে পৰা OLA ইলেক্ট্ৰিক শ্বেয়াৰৰ তীব্ৰ উত্থান ঘটিছে আৰু সাত দিনত ই চাৰিবাৰকৈ আপাৰ চাৰ্কিটত খুন্দা মাৰিছে। এই সময়ছোৱাত শ্বেয়াৰৰ মূল্য প্ৰায় ১০৭ শতাংশ জপিয়াই পৰে আৰু বিনিয়োগকাৰীৰ ধন দুগুণ বৃদ্ধি পায়। ইয়াৰ আই পি অ’ৰ মূল্য আছিল ৭৬ টকা, যিটো ১৫৭৫৩ টকা হয়।
CEO ভবিষ আগৰৱালাৰ নেট ৱৰ্থ
বজাৰত আত্মপ্ৰকাশ কৰাৰ পিছত কোম্পানীটোৰ শ্বেয়াৰ বৃদ্ধিৰ পৰা বহুখিনি লাভৱান হৈছে OLA ইলেক্ট্ৰিক CEO ভবিষ আগৰৱালে আচলতে অলা ইলেক্ট্ৰিক মবিলিটিত ভবিষ আগৰৱালৰ ৩০.০২ শতাংশ অংশীদাৰিত্ব আছে প্ৰতিবেদন অনুসৰি তেওঁৰ ১.৩২,৩৯ টা শ্বেয়াৰ আছে আৰু সেই অনুসৰি ৬০,০২৯ টা শ্বেয়াৰ আছে তেওঁৰ ষ্টেকহোল্ডিং মূল্য ২০,৮৫৬ কোটি টকা বা ২.৪৮ বিলিয়ন ডলাৰ হৈছে। ডলাৰ ষ্ট্ৰীটত OLAইলেক্ট্ৰিক শ্বেয়াৰৰ উত্থানেই ভৱিষ আগৰৱালাৰ সম্পদৰ এই বৃহৎ উত্থানৰ আঁৰৰ প্ৰধান কাৰণ।
- Log in to post comments