১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব বিলাতী সুৰাৰ মূল্য, কোন ব্ৰেণ্ডত কিমান কমিব সুৰাৰ দাম? জানো আহক......

wineshop

পুৱাৰ ভাগতে ৰাজ্যৰ সুৰাপায়ী সকলৰ বাবে এক সুখবৰ। ৰাজ্যত হ্ৰাস কৰা হৈছে বিলাতী সুৰাৰ মূল্য, ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন দাম।  উল্লেখ্য যে, আবকাৰী শুল্ক হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত হ্ৰাস হৈছে সুৰাৰ দাম। এই সন্দৰ্ভত আবকাৰী বিভাগে জাৰি কৰিছে বিবৃতি। 

আনহাতে, চলিত বৰ্ষৰ ১ এপ্ৰিলত যদিও বৃদ্ধি হৈছিল সুৰাৰ দাম, কিন্তু অহা ১ ছেপ্টেম্বৰৰ পৰা পুনৰ ৰাজ্যত হ্ৰাস পাব বিলাতী সুৰাৰ মূল্য। 

গতিকে, জানো আহক কোন ব্ৰেণ্ডত কিমান কমিব সুৰাৰ দাম?

১. জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্ৰাস।কৰা হ'ব। 
২. ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস।  
৩. ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে।
৪. ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস হ'ব। 
৫. LUXURY ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস।
৬. LUXURY ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস।
৭. এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস।

Category