‘কা’ৰ অধীনত অসমত নাগৰিকত্ব পোৱা প্ৰথমগৰাকী বাংলাদেশী দুলন দাস....

Ministry of Home

‘কা’ৰ অধীনত অসমত নাগৰিকত্ব পালে বিদেশীয়ে। প্ৰথমগৰাকী বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হ’ল অসমত। দুলন দাস নামৰ ব্যক্তিগৰাকীক প্ৰদান কৰা হ'ল নাগৰিকত্ব।

উল্লেখ্য যে, চাকৰিৰ পৰা মাটি-বাৰী ক্ৰয় কৰালৈকে সকলো সুবিধা পাব দুলন দাসে, লগতে, অৰুণোদয় আঁচনিৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰলৈকে পাব সুবিধা।

২০১৪ চনৰ পূৰ্বেই ভাৰতত প্ৰৱেশ কৰিছিল দুলন দাসে। ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল দুলন দাসে। দুলন দাসৰ আবেদন পৰীক্ষা কৰি প্ৰদান কৰা হ’ল নাগৰিকত্ব।

জানিব পৰা মতে, ১৯৮৮ চনতে দুলন দাসে ছিলেটৰ পৰা ভাৰত লৈ আহি শিলচৰত বাস কৰিছিল। লগতে, ১৯৯৬ চনৰ পৰা দাসৰ পৰিয়ালে ভোটদান কৰি আহিছিল। আনহাতে, অসমত ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে এতিয়ালৈকে আবেদন কৰিছে ১০গৰাকীয়ে বাংলাদেশীয়ে।

Category