স্বাধীনতা দিৱস উপলক্ষে কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা?.....

independence day

কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস! স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি ব্যাপক প্ৰস্তুতি আৰম্ভ। প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। অনুশীলনত ব্যস্ত আৰক্ষী, NCC-NSS কেডাৰ

গতিকে, জানো আহক কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা?

উল্লেখ্য যে, খানাপাৰাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে। নগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই।

আনহাতে, গোৱালপাৰাত পতাকা উত্তোলন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই। ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মন্ত্ৰী বিমল বড়াই। নলবাৰীত পতাকা উত্তোলন কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে।

কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। হোজাইত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই। তিনিচুকীয়াত পতাকা উত্তোলন কৰিব মন্ত্ৰী সঞ্জয় কিষাণে। গোলাঘাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অজন্তা নেওগে। শিলচৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই।

কোকৰাঝাৰত BTR প্ৰধান প্ৰমোদ বড়োৱে উত্তোলন কৰিব পতাকা। ডিফুত পতাকা উত্তোলন কৰিব CEM তুলিৰাম ৰংহাঙে। হাফলঙত পতাকা উত্তোলন কৰিব CEM দেব’লাল গাৰ্লোছা। ওদালগুৰিত পতাকা উত্তোলন কৰিব DY CEM গোবিন্দ বসুমতাৰীয়ে। 
 

Category