১৯৩৫ চনৰ মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত অসম চৰকাৰৰ.....

assam cabinet

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ASSAM REPALING BILL 2024ত অনুমোদন। বিধানসভাত উত্থাপন কৰা হ’ব এই বিধেয়ক। মুছলমানৰ বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত এই পদক্ষেপ।

প্ৰদান কৰা হ’ব মুছলমান যুৱতীক সামাজিক সুৰক্ষা। বাতিল হ’ব ১৯৩৫ চনৰ পুৰণিকলীয়া বিধি। বাতিল হ’ব মুছলাম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন বিধি।

ইয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিব।

উল্লেখ্য যে, অসমৰ বিজেপি চৰকাৰে যোৱা বছৰৰ পৰা বাল্যবিবাহ ৰোধৰ বাবে আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে। নাবালিকাক বিয়া কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বহু লোকক। কম বয়সতে কন্যাক বিয়া কৰাই দিয়াৰ অভিযোগত বহু অভিভাৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Category