প্ৰথমে ফেচবুকত ভাহি আহিছিল এটা মেছেজ ‘Hi...’, সেয়াই আৰম্ভণি, ১২ বছৰীয়া প্ৰেমৰ অন্তত বিবাহ পাশত আবদ্ধ হ’ল তেজপুৰৰ জিষ্ণু আৰু পোলেণ্ডৰ মেকডালিনা। সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ পোলেণ্ডৰ পৰা আহি অসম পালেহি কইনা। নাম মেকডালিনা। দৰাৰ ঘৰ তেজপুৰৰ কেতেকীবাৰীত।
আজৰি সময়! ফেচবুকটোকে চাওঁ বুলি বহিল জিষ্ণু। বিভিন্নজনৰ আপডেটবোৰ এফালৰ পৰা স্ক্ৰ’ল কৰি গ’ল। বিভিন্নজনৰ বিভিন্ন পোষ্ট। কিন্তু হঠাৎ জিষ্ণুৰ বুঢ়া আঙুলিটোৱে ৰখাই দিলে ম’বাইলৰ স্ক্ৰীণখন। কিছু সময় ডিপিখনলৈ চাই থাকিল জিষ্ণুৱে। কিবা এটা ভাল লাগিল তেওঁৰ। অজানিতে চেক কৰিলে তাইৰ প্ৰফাইলো। কৰো নকৰোকৈ প্ৰেছ কৰিলে ‘এড ফ্ৰেইণ্ড’ বুটামটোত।
কেইটামান ঘণ্টা। এটা নটিফিকেশ্যন। ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্টেড। এটা হাঁহি বিৰিঙি উঠিল জিষ্ণুৰ ওঁঠত। লগে লগে মেছেজ বক্সত টাইপ কৰিলে ‘Hi…’। সেয়াই আৰম্ভণি।
হাই, হেল্ল’ৰে আৰম্ভ হ’ল কথা-বতৰা। এটা শব্দৰ মেছেজৰ পৰা লাহে লাহে মেছেবোৰ দীঘলীয়া হ’ল। দিনটোত খবৰ এটা নোলোৱাকৈ যেন থাকিব নোৱাৰা হ’ল। কি কৰিছা, ক’লৈ গৈছা, সকলো খবৰ লোৱা হ’ল। দুয়োৰে মাজত ঘনিষ্ঠতা অধিক গাঢ় হ’ল।
লাহে লাহে বন্ধুত্বই ল’লে প্ৰেমৰ ৰূপ। ইজনে সিজনক নিজৰ কৰি পোৱাৰ সপোনত বিভোৰ দুয়ো। দিনৰ পিছত মাহ, মাহৰ পিছত বছৰ বাগৰিল। এবছৰ দুবছৰকৈ ১২ বছৰ হ’ল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ। প্ৰেমৰ সম্পৰ্কক সামাজিকভাৱে এটা নাম দিয়াৰ মন মেলিলে দুয়োৱে। আৰু অৱশেষত দুয়োৰে জীৱনলৈ আহিল বহু প্ৰতীক্ষিত সেই দিনটো।
সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ পোলেণ্ডৰ পৰা আহি অসম পালেহি মেকডালিনা। সোমবাৰে ধুমধামেৰে হৈ যায় তেজপুৰৰ জিষ্ণু আৰু পোলেণ্ডৰ মেকডালিনাৰ বিয়া।
হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু অসমীয়া পৰম্পৰাৰে সম্পন্ন হয় দুয়োৰে বিবাহ। বিয়ানাম, আয়তীৰ উৰুলী, পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে উদুলি-মুদুলি হৈ পৰিল ৰভাতলী। ভমকাফুলীয়া চাদৰ-মেখেলা আৰু অসমীয়া গহণাৰে অসমীয়া কইনাৰ ৰূপত মেকডালিনা। সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে দুয়ো।
দৰা তেজপুৰৰ কতেকীবাৰীৰ ললিত চন্দ্ৰ দাস আৰু ৰিণিমাই দাসৰ পুত্ৰ জিষ্ণুপ্ৰতীম। কইনাৰ সৈতে পোলেণ্ডৰ পৰা আহিল মাতৃৰ লগতে আত্মীয়-স্বজন। দুয়োটা পৰিয়ালৰ লগতে ৰাইজৰ উপস্থিতিত অগ্নিক সাক্ষী কৰি গোটেই জীৱন একেলগে কটোৱাৰ পণ ল’লে জিষ্ণুপ্ৰতীম আৰু মেকডালিনাই।
- Log in to post comments