জৱাহৰলাল নেহৰুৰ পিছত ক্ৰমাগতভাৱে তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত দেশৰ প্ৰথমজন ৰাজনীতিবিদ মোদী.....

modi

পুনৰবাৰ ইতিহাস ৰচিলে মোদীয়ে। জৱাহৰলাল নেহৰুৰ পিছত ক্ৰমাগতভাৱে তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত দেশৰ প্ৰথমজন ৰাজনীতিবিদ হিচাপে পৰিগণিত মোদী। ৯ জুন তাৰিখে সন্ধিয়া ৭:১৫ বজাত ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপতবাক্য পাঠ কৰোৱায়।

৭১ গৰাকী সতীৰ্থসহ শপতনামা পাঠ কৰে মোদীয়ে।  ৭২ জনীয়া মন্ত্ৰী পৰিষদত ৩০ জনক কেবিনেট, ৫ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু ৩৬ ৰাজ্যমন্ত্ৰী অন্তৰ্ভুক্ত। ইয়াৰে ৭ গৰাকী মহিলাক স্থান দিয়াৰ লগতে এনডিএৰ ১১ দলক মন্ত্ৰিত্ব প্ৰদান কৰা হয়।

উল্লেখ্য যে, ২০১৪ত প্ৰথমবাৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱা মোদীয়ে তৃতীয়টো কাৰ্ষকালত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰৰ নেতৃত্ব দিবলৈ সাজু হৈছে। সদ্যঘোষিত অষ্টাদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰাত এটা দশকৰ পাছত দেশত মৰ্চা চৰকাৰ গঠন হ'ল। 

এই শপত গ্ৰহণ অনুষ্ঠানত মোদীৰ পাছতে শপত লয় ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী আৰু তেওঁৰ পাছত শপত লয় দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই। 

Category