নায়ক ৰকিবুল হুছেইন! দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয় লাভ ৰকিবুলৰ......

Rakibul Hussain

অৱশেষত বহু উৎকণ্ঠাৰ অন্ত পৰিল! মঙলবাৰে ঘোষণা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। লগতে, ঘোষণা কৰা হ’ল অসমৰো ১৪টা লোকসভা সমষ্টিৰ ফলাফল।

ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে দিল্লীত NDA চৰকাৰ। বিজেপি মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা লাভ। ২৯০খনৰো অধিক আসন লাভৰ দিশে NDA।

উন্নত ফলাফল প্ৰদৰ্শন কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ। ইণ্ডি এলায়েন্সৰ দখলত ২৩৫খনকৈ আসন। পূৰ্বতকৈ শতাধিক আসন বৃদ্ধি বিৰোধীৰ।

Rakibul Hussain

এইবাৰ ভোটেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। উল্লেখযোগ্য যে, ৰকিবুল হুছেইন দেশৰ ভিতৰতে দ্বিতীয় সৰ্বধিক ভোটৰ ব্যৱধানত জয় লাভ কৰা প্ৰাৰ্থীৰূপে পৰিগণিত হৈছে।

Rakibul Hussain

আনহাতে, ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে লাভ কৰে ১৪,৭১,৮৮৫টা ভোট আৰু ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট আৰু অগপৰ জাবেদ ইছলামে ৪,৩৮,৫৯৪টা ভোট লাভ কৰে।

Category