২০২৪ বৰ্ষৰ অপৰূপা মহিয়সী নাৰী বঁটা! এই অনুষ্ঠানটিৰ বিশেষ আকৰ্ষণ হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী মন্দাকিনী....

mandakini

২০২৪ বৰ্ষৰ অপৰূপা মহিয়সী নাৰী বঁটা।প্ৰায় ৭০ হাজাৰ মহিলাৰে গঠিত অসমৰ সৰ্ববৃহৎ মহিলা স্বেচ্ছাসেৱী সংগঠন অপৰূপা মহিলাৰ সৌজ্যনত বিগত বছৰসমূহৰ দৰে এইবেলিও অনুষ্ঠিত কৰা হৈছে অপৰূপা মহীয়সী নাৰী বঁটা আৰু অপৰূপা এক্সেলেঞ্চি বঁটা প্ৰদান অনুষ্ঠান। 

ইয়াৰ সৈতে সংগতি ৰাখি অপৰূপাসকল আৰু শিশুসকলৰ বাবে কিছু প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে।যেনে মিচেছ অপৰূপা, মিছ অপৰূপা, ব্যতিক্ৰমী নাৰী, মেক্আপ প্ৰতিযোগিতা, একক গীত, একক নৃত্য আৰু শিশুসকলৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই বিশেষ অনুষ্ঠানটি ২৮ এপ্ৰিল, ২০২৪ তাৰিখে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অপৰূপা মহিলাসকলৰ দ্বাৰা এখনি ডাঙৰ মেলাৰো অনুষ্ঠিত হয়। এই মেলাৰ বিপনীসমূহত মহিলাসকলৰ দ্বাৰা তৈয়াৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী পোৱাৰ লগতে তাত নিজৰ নিজৰ প্ৰতিভাৰে সৃষ্টি কৰা সামগ্ৰীসমূহো বিক্ৰী কৰা হয়।

উল্লেখ্য যে, এই অনুষ্ঠানটোত অসমৰ চুকে-কোণে থকা প্ৰায় ৩০ গৰাকী ব্যতিক্ৰমী মহিলা, যি কষ্টেৰে কাম কৰি নিজৰ পৰিয়ালটোক পোহপাল দি কোনোৰকম চলি আছে, তেওঁলোকক আৰ্থিক সাহাৰ্যৰ উপৰিও বঁটা প্ৰদান কৰা হয়। লগতে বিশেষভাৱে সক্ষম প্ৰায় ২০ গৰাকী মহিলাক ট্ৰাই চাইকেল, হুইল চকী আৰু কিছু লোকক প্ৰয়োজন অনুসৰি চাইকেল দিয়া হয়। 

এই অনুষ্ঠানটিৰ বিশেষ আকৰ্ষণ হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী মন্দাকিনী। তেওঁ উক্তদিনটিত আমাৰ মাজত উপস্থিত থাকি আমাক মনোৰঞ্জন দিয়াৰ।লগতে অসমৰ মোহময়ী অভিনেত্ৰী মলয়া গোস্বামী ও প্ৰবীণ আৰু নবীন বহুতো তাৰকা আহি মঞ্চ শুৱনি কৰিছে। 
 

Category
Profile picture for user UB Photos