যাত্ৰীৰ মাজত হাহাকাৰ! উৎকট গৰমত বাছৰ বাবে ৰৈ ৰৈ ভাগৰি পৰিছে মহানগৰীৰ যাত্ৰী, হঠাৎ ক'লৈ গ'ল চিটি বাছসমূহ?.......

guwahati

হঠাৎ গুৱাহাটী মহানগৰীত অন্তৰ্ধান হৈছে যাত্ৰীবাহী বাছ। বাছৰ বাবে ৰৈ ৰৈ বাছ আস্থানতে বোন্দাপৰ দি আছে যাত্ৰী সকল। মহানগৰীত বাছৰ সংখ্যা কম হোৱাৰ বাবেই হাহাকাৰ কৰিব লগা হৈছে যাত্ৰীসকলে। গুৱাহাটী মহানগৰীৰ ৰাজপথৰ পৰা হঠাৎ নাইকিয়া হৈ থাকিল চিটি বাছ। 

ghy

উল্লেখ্য যে, কি জিএছ ৰোড, জু ৰোড আদি সকলোতে বোন্দাপৰ দি ৰয় আছে যাত্ৰীসকল। 

লোকসভা নিৰ্বাচনৰ বাবে গুৱাহাটীত যাত্ৰীৰ এই দুৰ্দশা। জানিব পৰা মতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰায় ২০০ বাছ অধিগ্ৰহণ কৰা হৈছে। ৰাজ্যত অহা শুকুৰবাৰে ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায় নিৰ্বাচন। নিৰ্বাচনী গৰম বতাহৰ বাবে এই পৰিৱেশ গুৱাহাটী মহানগৰীত।

ghy

উল্লেখযোগ্য যে, দুই-এখন বাছ চলিছে যদিও তাতেই বাছৰ সংখ্যা কম হোৱাত হাহাকৰ কৰিব লগা হৈছে যাত্ৰীসকলে। আগন্তুক দুটা দিনলৈ গুৱাহাটীত বাছৰ বাবে জনতাই কৰিব হাহাকাৰ। কাৰণ পুনৰ নামনি অসমৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত পুনৰ একেই পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ৰাইজে।

Category
Profile picture for user UB Photos