মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ অসমীয়া বোলছবি ‘কুঁহিপাঠ’......

flim

মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ অসমীয়া বোলছবি
মস্কোলৈ প্ৰশান্ত কলিতাৰ দ্বাৰা পৰিচালিত ‘কুঁহিপাঠ’
দক্ষিণ কামৰূপৰ কথিত ভাষাত নিৰ্মিত হৈছে ছবিখন 
মুখ্য চৰিত্ৰত অভিনয় যতীন খনিকৰ, অনুৰূপা ডেকাৰজা
প্ৰায় ২৪০ খন ছবিৰ মাজত মস্কোলৈ নিৰ্বাচিত ‘কুঁহিপাঠ’
২৩ এপ্ৰিলত মহোৎসৱৰ মুকলি শাখাত প্ৰদৰ্শিত হ’ব ছবিখন 

ছবিখন ৰাছিয়ান ভাষালৈ ডাবিং কৰা হ’ব বুলি জানিব পৰা গৈছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা মস্কো চলচিত্ৰ মহোৎসৱত এইখন অসমীয়া চিনেমাই মুকলি শাখাত নমিনেচন লাভ কৰিছে৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন খনিকৰ,অনুৰূপা ডেকা ৰজাই। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে ৰীনা চৌধুৰী ,তপন কুমাৰ দাস , নমিতা কলিতা ,মঞ্চৰূপা আদিয়ে৷ 

ইতিমধ্যে প্ৰযোজক নৱজ্যোতি বৰদলৈ মস্কোলৈ ৰাওনা হৈছে। ইয়াৰ আগতে ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কুঁহিপাঠ ছবিখনে অফিচিয়েল বাচনি লাভ কৰি শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

Category
Profile picture for user UB Photos