শোকাৱহ! আকাশতে নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষত মৃত্যু ১০ জন জোৱানৰ.....

helicopters crashed

মালয়েছিয়াত দুৰ্ঘটনাত পতিত দুখন কৈ হেলিকপ্টাৰ। মালয়েছিয়াৰ আকাশত নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষৰ ফলত মালয়ছিয়া নৌসেনাৰ ১০জন জোৱানৰ মৃত্যু। দুৰ্ঘটনাত পতিত এখন HOM (M503-3) হেলিকপ্টাৰ, Fennec (M502-6)। নৌসেনাৰ এক সমাৰোহৰ বাবে প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

উল্লেখ্য যে, ২০২৪ চনৰ ২৩ এপ্ৰিল মঙলবাৰে ৰয়েল মালয়েছিয়ান নেভিৰ পেৰেডৰ আখৰাৰ সময়ত দুখন হেলিকপ্টাৰ আকাশৰ মাজত সংঘৰ্ষৰ ফলত দহজন লোকৰ মৃত্যু হয়।। নৌসেনাই জনোৱা মতে, মঙলবাৰে পুৱা ৯.৩২ বজাত পশ্চিম পেৰাক ৰাজ্যৰ লুমুট নৌসেনা ঘাটিত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত জড়িত বিমানখনৰ ১০ জন ক্ৰু মেম্বাৰ আছিল।

জানিব পৰা মতে, বিমানখনত থকা ১০ জন ক্ৰু মেম্বাৰে ইতিমধ্যে মৃত্যু ঘটিছে, বৰ্তমান চিনাক্তকৰণৰ বাবে লুমুট সেনা ঘাটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ১০ জন জোৱানৰ মৃতদেহ। ।

নৌসেনাই জনোৱা মতে, AW139 HOM (M503-3) হেলিকপ্টাৰখনত সাতজন ক্ৰু মেম্বাৰ আছিল। সেই বিমানখন ইটালীৰ প্ৰতিৰক্ষা ঠিকাদাৰ লিঅ’নাৰ্ডোৰ সহযোগী কোম্পানী অগুষ্টাৱেষ্টলেণ্ডে প্ৰস্তুত কৰিছিল। ইউৰোপীয় বহুজাতিক প্ৰতিৰক্ষা সংঘ এয়াৰবাছে নিৰ্মাণ কৰা Fennec (M502-6) হেলিকপ্টাৰত আন তিনিজন ক্ৰু মেম্বাৰ আছিল।

ইতিমধ্যেই আটাইকেইজন জোৱানৰ মৃত্য হোৱাৰ খবৰ আহি পৰিছে।

Category
Profile picture for user UB Photos