অসমৰ নিৰ্বাচনী ৰণাংগনলৈ প্ৰধানমন্ত্ৰী মোদী! বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ......

modi

অসমত নিৰ্বাচনী ৰণডংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মঙলবাৰে সন্ধিয়া প্ৰায় ৭.১০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। 

উল্লেখ্য যে, বৰঝাৰৰ পৰা প্ৰধানমন্ত্ৰীৰ কনভয় ৰাওনা হয় কইনাধৰাৰ ১নং চৰকাৰী অতিথিশালা অভিমুখে। ৰাস্তাৰ দুয়োকাষে সমৱেত হয় শ শ বিজেপি কৰ্মকৰ্তাৰ লগতে সাধাৰণ জনতাও। সকলোৱে হাত জোকৰি স্বাগতম জনায় প্ৰধানমন্ত্ৰীগৰাকীক। 

ইয়াৰ পিছতে জি এছ ৰোডৰ ABC পইণ্টৰ পৰা আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’। এই ৰোড শ্ব’ত হাজাৰ হাজাৰ লোকে প্ৰধানমন্ত্ৰীৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা আগবঢ়ায়। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে নলবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।

বিজেপি মিত্ৰজোঁটৰ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। খানাপাৰাৰ পৰা হেলিকপ্টাৰযোগে নলবাৰী লৈ যায় প্ৰধানমন্ত্ৰী। ইণ্ডিয়ান এয়াৰ ফ’ৰ্চৰ ৪খনকৈ হেলিকপ্টাৰ সাজু কৰা গৈছে

Category
Profile picture for user UB Photos