ৰঙালী বিহুৰ মাজতে অসমবাসী লৈ সুখবৰ! গুৱাহাটীৰ কন্যা মনীষা শৰ্মাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ‘মিছ ভগষ্টাৰ ইণ্ডিয়া ২০২৪’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ খিতাপ অৰ্জন কৰিছে অসম কন্যা মনীষা শৰ্মাই। শেহতীয়াকৈ অনুষ্ঠিত মিছ ভগষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল মনীষাই।ৰেম্পত লয়লাস ভংগীৰে বিচাৰক আৰু দৰ্শকসকলক আপ্লুত কৰি শিৰত মুকুট পিন্ধিবলৈ সক্ষম হয়।
সৰুৰে পৰা ফেশ্বনৰ প্ৰতি আগ্ৰহী উচ্চ শিক্ষিত মনীষা পেচাত এগৰাকী অধিবক্তা। আদালতত আইনী যুঁজৰ সমানে ফেশ্বনৰ জগতত সাধনা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আদালতৰ পৰা ৰেম্পলৈ যাত্ৰা কৰি বহুমুখী প্ৰতিভাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। ৰাজ্যখনৰ ফেশ্বনৰ প্ৰতি আগ্ৰহী যুৱতীসকলৰ বাবে এক অনুপ্ৰেৰণা।নিষ্ঠা আৰু অধ্যৱসায়ৰ দ্বাৰা যিকোনো ক্ষেত্ৰত আপুনি সফল হব পাৰিব তাকেই প্ৰমাণো কৰিলে মনীষাই।
মিছ ভগষ্টাৰ ইণ্ডিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ সৌন্দৰ্য প্ৰতিযোগিতা। ভগষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেডে দেশৰ মহিলাক নিজৰ প্ৰতিভা বিকাশ কৰাৰ এক মঞ্চ দি আহিছে। ভগষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেড মহিলাক ফেশ্বন জগতত জড়িত কৰি স্বাৱলম্বী কৰিবলৈ প্ৰয়াস কৰি গৈছে।
- Log in to post comments