দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মোদী! এইবাৰ কি কি কাৰ্যসূচী হাতত লৈ অসম লৈ আহিব মোদী?......

modi

ইতিমধ্যেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আগন্তুক লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ প্ৰধানমন্ত্ৰী। ১৬ এপ্ৰিলত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

মালিগাঁৱত বিশাল ৰোড শ্ব’ত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। জালুকবাৰীৰ পৰা মালিগাঁৱলৈ ৰোড শ্ব’ত অংশ ল’ব PMএ। ITA মাছখোৱাৰ পৰা শুক্লেশ্বৰলৈও ৰেলীত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। নিশাটো কইনাধৰাত কটোৱাৰ সম্ভাৱনা

আনহাতে, ১৭ এপ্ৰিলত নলবাৰীত বিশাল জনসভাত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে নলবাৰীৰ বৰকুৰাত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা। পূৰ্ণগতিত চলিছে জনসভা সম্বোধন কৰিবলগীয়া অস্থায়ী পেণ্ডেল নিৰ্মাণৰ কাম। 

২ৰ পৰা ৩ লক্ষাধিক বিজেপিৰ দলীয় নেতাকৰ্মীয়ে অংশ ল’ব জনসভাখনত। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে তিনিটাকৈ অস্থায়ী হেলিপেড। প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব লগীয়া নলবাৰীৰ জনসভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'লে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি কেবাগৰাকীয়ো উচ্চপদস্থ বিষয়াই। 
 

Category
Profile picture for user UB Photos