আজি পবিত্ৰ ঈদ-উল-ফিতৰ! ঈদৰ উপলক্ষে সকলোৰে মাজত প্ৰেম-ভাতৃত্ববোধৰ ছবি........

eid

এটা সম্পূৰ্ণ মাহ ৰোজা ৰখাৰ অন্তত আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো উলহ-মালহেৰে পালন কৰা হৈছে পবিত্ৰ ঈদ-উল-ফিতৰ। এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়।

বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ আনন্দ। ঈদৰ উপলক্ষে সকলোৰে মাজত প্ৰেম-ভাতৃত্ববোধৰ ছবি দেখিবলৈ পোৱা গৈছে।

পুৱাৰ ভাগতে সকলোৱে ঈদগাহ, ময়দানসমূহত সমূহীয়া নামাজ আদায় কৰি সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে। ৰমজানৰ শেষত আকাশত জোন দেখাৰ পাছতে পালন কৰা হয় এই ঈদৰ।

এই পবিত্ৰ ঈদে প্ৰতিগৰাকী লোকৰ জীৱনলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ বতৰা। 

Category
Profile picture for user UB Photos