নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী! কোন ঠাইত কোন প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব মোদীয়ে?.......

modi

বহাগ বিহুৰ পিছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ১৭ এপ্ৰিলত নলবাৰী লৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মোদীয়ে। ইতিমধ্যে শাসকীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। 

বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে নলবাৰীৰ পৰা প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। এই নিৰ্বাচনী সভাৰ বাবে প্ৰস্তুতি চলাইছে শাসকীয় দল বিজেপিয়ে। মোদীৰ সভাৰ বাবে পথ নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি বিশাল মঞ্চ আদিৰ বাবে বিধে বিধে প্ৰস্তুতি চলাইছে। 

ইফালে আজি হেলিকপ্টাৰ লৈ উক্ত স্থান পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰিদৰ্শন কৰি প্ৰতিটো দিশৰ ওপৰত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে। মোদীৰ সভাৰ বাবে তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হ’ব।

আনহাতে বৰপেটা লোকসভা সমষ্টিৰ ২ লক্ষাধিক লোকৰ উপস্থিতত অনুষ্ঠিত কৰা হ’ব এই সভাখন। আজি এই কথা সদৰী কৰে নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

Category