নিৰ্বাচনৰ প্ৰাকক্ষণত বিপদত পৰিছে কংগ্ৰেছ! কংগ্ৰেছ দললৈ আয়কৰ বিভাগৰ ১৭০০ কোটি টকাৰ জাননী........

congress

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত বিপদে নেৰা হৈছে কংগ্ৰেছক। এতিয়া যেন আয়কৰ বিভাগৰ জাননীক লৈ বিপদত পৰিছে কংগ্ৰেছ। কিয়নো কংগ্ৰেছ দললৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিছে ১৭০০ কোটি টকাৰ জাননী। 
উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে কৰ পুনৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বিৰুদ্ধে কৰা আবেদন নাকচ কৰাৰ পিছতে আয়কৰ বিভাগে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে এই জাননী। আৰু এই জাননীখন ২০১৭-১৮ আৰু ২০২০-২১ বৰ্ষৰ ভিত্তিত প্ৰেৰণ কৰা হৈছে।

বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ২০১৭-১৮ৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ বিভাগে কৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰত্যাহ্বান জনাই কংগ্ৰেছ দলে দাখিল কৰা মুঠ চাৰিখন আবেদন নাকচ কৰে।

ন্যায়াধীশ যশৱন্ত বৰ্মা আৰু পুৰুষশিন্দ্ৰ কুমাৰ কৌৰৱক লৈ গঠিত এখন বিভাগীয় বিচাৰপীঠে কয় যে কংগ্ৰেছ আৰু আয়কৰ বিভাগ দুয়োটাৰে একমত যে এই চাৰিখন আবেদনত দাখিল কৰা প্ৰত্যাহ্বান আদালতে ২২ মাৰ্চৰ পূৰ্বৰ সিদ্ধান্তৰ দ্বাৰা সমাপ্ত কৰিছে। এই সিদ্ধান্ত দলটোৰ সৈতে জড়িত ২০১৪-২০১৭ চনৰ মূল্যায়ন বৰ্ষৰ বাবে পুনৰ মূল্যায়নৰ কাৰ্য্যবিধি আৰম্ভ কৰাৰ বিৰুদ্ধে প্ৰত্যাহ্বান বুলি উল্লেখ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। 

২২ মাৰ্চৰ আদেশত বিচাৰপীঠে ২০১৪-১৫, ২০১৫-১৬, আৰু ২০১৬-১৭ বৰ্ষৰ কৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে কৰা আবেদন খাৰিজ কৰে। আৰু কংগ্ৰেছ দললৈ প্ৰেৰণ কৰে ১৭০০কোটি টকাৰ জাননী। যাক লৈ সৰ্বত্ৰ চলিছে ব্যাপক চৰ্চা।

আনহাতে, আয়কৰ বিভাগৰ জাননীৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। গুৱাহাটীৰ ৰাজীৱ ভৱনতো কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদত অংশগ্ৰহণ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ। প্ৰতিবাদ ৰুধিবলৈ সাজু মহানগৰ আৰক্ষী। ৰাজীৱ ভৱনৰ বাহিৰত আৰক্ষীৰ নিৰাপত্তা বেহু।


 

Category
Profile picture for user UB Photos