কাজিৰঙাত বিদেশী পৰ্যটকক গঁড়ৰ আক্ৰমণ! আহত পৰ্যটক গৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎধীন.......

Kaziranga National Park

কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা
বিদেশী পৰ্যটকক আক্ৰমণ গঁড়ৰ
আহত পৰ্যটক নিকিতা কৰিয়াভস্কিন
বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি পৰ্যটকগৰাকীক

উল্লেখ্য যে, নিকিতা কৰিয়াভস্কিন নামৰ ৰাচিয়ান পৰ্যটক জনক ২৪ তাৰিখৰ পুৱা কঁহৰা বনাঞ্চলৰ বৰবিল গাঁৱত মৰা ডিফলু নদীৰ পাৰত বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰিছিল।

চিকিৎসাধীন অৱস্থাতে কঁহৰাত ঘুৰি ফুৰা ৰাচিয়ান পৰ্যটকজন আজি  আহি বোকাখাতত উপস্থিত হোৱাত স্থানীয় লোকে আহত পৰ্যটকজনক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাচিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ 

উল্লেখযোগ্য যে, কলকতাৰ পৰা তেওঁ ২২ মাৰ্চত অসমলৈ আহে আৰু ২৪ মাৰ্চত কাজিৰঙা পায়হি ৷ ভঙা ভঙা ইংৰাজীৰে তেওঁ জনোৱা মতে বাছ আৰু পদযাত্ৰাৰে আহি তেওঁ কাজিৰঙা পায়হি ৷ বন বন্যপ্ৰাণী আৰু ব্ৰহ্মপুত্ৰ নদী চাবৰ বাবে তেওঁ বনাঞ্চলত প্ৰৱেশ কৰিছিল ৷ বনাঞ্চলত তেওঁ গড়ৰ আক্ৰমনৰ ফলতেই দেহত আঘাটত পোৱাৰ কথা সদৰি কৰে পৰ্যটকজনে।

Category
Profile picture for user UB Photos