পুনৰ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ খড়্গ লৈ উধাও চোৰাং চিকাৰী......

Kaziranga National Park

চলিত বছৰৰ প্ৰথমটো গঁড় হত্যা! আকৌ এবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰ এলেকাত সংঘটিত হৈছে এই গঁড় হত্যাৰ ঘটনা।

বনকৰ্মীয়ে জনোৱা অনুসৰি শুকুৰবাৰৰ নিশাৰ ভাগত এই গঁড় হত্যাৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। নিশা তেওঁলোকে কোনো ধৰণৰ গুলী চালনাৰ শব্দ শুনা নাছিল বুলি জনাইছে।

উল্লেখ্য যে, আজি পুৱা পৰ্যটকৰ দল লৈ বনকৰ্মীসকল সেই স্থানত উপস্থিত হোৱাৰ পাছতে খৰ্গবিহীন মৃত গঁড়টোক প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে বনকৰ্মীসকলে বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে স্থানীয় আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয় আৰু চোৰাং চিকাৰিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

Category