দেৱগুৰু বৃহস্পতিৰ ৰাশি পৰিৰ্ৱতনত ১ মে’ৰ পৰা খুলিব এই চাৰিটা ৰাশিৰ লোকৰ ভাগ্য!.......

astrology

প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এটা ৰাশি চক্ৰৰ পৰা আন এটা ৰাশি চক্ৰ লৈ প্ৰৱেশ কৰে। এই প্ৰক্ৰিয়াটোক গোচাৰ বুলি কোৱা হয়। গ্ৰহৰ স্থানান্তৰৰ ফলত প্ৰতিটো ৰাশিয়ে কেতিয়াবা সৌভাগ্য লৈ আনিব পাৰে, কেতিয়াবা দুৰ্ভাগ্য।

সুদীৰ্ঘ ১২ বছৰৰ পিছত দেৱগুৰু বৃহস্পতি এইবাৰ প্ৰৱেশ কৰিব বৃষ ৰাশিত। গ্ৰহৰ এই স্থানান্তৰৰ ফলত চাৰিটা ৰাশিৰ জাতক-জাতিকাসকলৰ ওপৰত ইতিবাচক প্ৰভাৱ দেখা যাব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, বৰ্তমান বৃহস্পতি মেষ ৰাশিত অৱস্থান কৰিছে। ১ মে’ত বৃষ ৰাশিত প্ৰৱেশ কৰিব। 

সেই চাৰি সৌভাগ্যৱান ৰাশি কোন কেইটা যাৰ ভাগ্য উজলি উঠিব পাৰে? জানো আহক -

মেষ ৰাশি : দেৱগুৰু বৃহস্পতিৰ এই ৰাশি পৰিৱৰ্তনে মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ফল আনিব বুলি জ্যোতিষি সকলে ধাৰণা কৰা হৈছে। মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ দৰমহা বৃদ্ধিৰ লগতে চাকৰিত পদোন্নতিৰো সম্ভাৱনা আছে। লগতে ব্যৱসায়ত লাভ হ’ব পাৰে।

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দেৱগুৰু বৃহস্পতি গ্ৰহই সৌভাগ্য কঢ়িয়াই লৈ আনিব। কৰ্মজীৱনত অগ্ৰগতি হোৱাৰ লগতে চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে। দীৰ্ঘদিনৰ মনৰ আশা পূৰণ হ’ব পাৰে।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাৰ বাবে বৃহস্পতিৰ ৰাশি পৰিৰ্ৱতন উত্তেজনাপূৰ্ণ হ’ব পাৰে। এই সময়ত পৈতৃক সম্পত্তিৰ ভাগ পোৱাৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হ’ব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব সিংহ ৰাশিৰ লোকসকলে। সকলো মিলাই এই সময় অনুকূল হ’ব।

কন্যা ৰাশি : বৃহস্পতি গ্ৰহৰ গমনে আটাইতকৈ বেছি লাভৱান কৰিব কন্যা ৰাশিৰ জাতক-জাতিকাসকলক। বিদেশত চাকৰি পোৱাৰ সম্ভাৱনা আছে। কৰ্মজীৱনত অগ্ৰগতি হ’ব। ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। কন্যা ৰাশিৰ জাতক-জাতিকাৰ ভাগ্যৰ সহায় থাকিব। দাম্পত্য জীৱন সুখকৰ হ’ব। 

Category
Profile picture for user UB Photos