লোকসভা নিৰ্বাচনৰ দিন ঘোষণা! কোন ৰাজ্যত কেতিয়া হ'ব নিৰ্বাচন?........

LOKASHABHA

ইতিমধ্যেই ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন। দিল্লীৰ বিজ্ঞান ভৱনত সংবাদমেল যোগে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ২৬টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন। 

আজিৰে পৰা দেশত বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি। এইবাৰৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব ৫৫ EVM আৰু ৪ লাখ বাহন। দেশত বৰ্তমান আছে ৯৭ কোটি পঞ্জীয়ভূত ভোটাৰ। দেশত স্থাপন কৰা হ’ব প্ৰায় ১১ লাখ ভোট কেন্দ্ৰ। ডেৰ কোটি পোলিং বিষয়া এইবাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব। ৮৫ ঊৰ্ধ্বৰ লোকে ঘৰৰ পৰা দিব পাৰিব ভোট।

৭টা পৰ্যায়ত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ২১ খন ৰাজ্যত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।  ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ’ব। ৭মেত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। ১৩ মে’ত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৬ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুন তাৰিখে।

অসমত ব’হাগ বিহুৰ পিছতে অসমত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। অসমত তিনিটা পৰ্যায়ত হ’ব নিৰ্বাচন। দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত অসমত নিৰ্বাচন।

Category
Profile picture for user UB Photos