এখন অদ্ভুত ৰেষ্টুৰেন্ট! য'ত থাপ্পড় মাৰিবলৈ টকা দিয়া হয়, ক'ত আছে এই ৰেষ্টুৰেন্ট খন?......

slap resturant

পৃথিৱীৰ ভিন্ন প্ৰান্তত প্ৰায়ে অদ্ভুত ঘটনা সংঘটিত হয়। এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। আজি আমি আপোনালোকক জনাম এখন ৰেষ্টুৰেন্টৰ বিষয়ে।

পৃথিৱীত বহুতো হোটেল আৰু ৰেষ্টুৰেন্ট আছে, যিয়ে তেওঁলোকৰ খাদ্য বা অন্যান্য সুকীয়া বস্তুৰ বাবে সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে জাপানত আছে এক অদ্ভুত ৰেষ্টুৰেন্ট। যি খন ৰেষ্টুৰেন্টত মানুহে থাপ্পড় খাবলৈ যায়।

বৰ্তমান জাপানৰ এই ৰেষ্টুৰেন্ট খনে গ্ৰাহকক সুকীয়া আদৰণি জনোৱাৰ বাবে সামাজিক মাধ্যমত সকলোৰে আকৰ্ষণ কাঢ়িবলৈ সক্ষম হৈছে। এই ৰেষ্টুৰেন্ট খনত খোৱাৰ উপৰিও, গ্ৰাহকসকলে মহিলা ৱেটাৰসকলৰ পৰা থাপ্পড় খাবলৈ টালৈ যায়। মহিলা ৱেটাৰসকলে গ্ৰাহক চাহিদা আনুসৰি তেওঁলোকক চৰ মাৰে।

থাপ্পড় খাবলৈ কিমান টকা পৰিশোধ দিব লাগে?

নিউয়র্ক পোষ্টৰ মতে, নাগোয়াত অৱস্থিত জাপানী ৰেষ্টুৰেণ্ট স্বাচিহোকো-য়াৰ দৰ্শনাৰ্থীসকলে খোৱাৰ আগতে থাপ্পড় মাৰে। এই সকলোবোৰ তেওঁলোকৰ ইচ্ছাৰ দ্বাৰা হয় আৰু তেওঁলোকে ইয়াৰ বাবে টকা পৰিশোধ কৰিব লাগিব। ৩০০ জাপানী য়েনৰ (১৭০ টকা) বাবে, কিমোনো পোছাক পিন্ধা এগৰাকী ৱেটাৰে গ্রাহকজনক এটাৰ পিছত এটাকৈ থাপ্পড় মাৰে।

ইয়াৰ বাহিৰেও, যদি গ্রাহকে কোনো নির্দিষ্ট মহিলা কৰ্মচাৰীৰ হাতত গালত চৰ খাব বিচাৰে, তেন্তে তেওঁ ৫০০ জাপানী য়েন (২৮৩ টকা) পৰিশোধ কৰিব লাগিব। 

জাপানৰ লোকসকলৰ লগতে, বিদেশৰ পৰা অহা দর্শনার্থীসকলেও ৰেষ্টুৰেণ্টখনত পোৱা এই অদ্ভুত সুবিধাটো খুব ভাল পায়।

এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মহিলা ৱেইটাৰৰ দ্বাৰা থাপ্পড় খোৱাৰ পিছত, গ্রাহকসকলে খঙতকৈ অধিক শিথিল অনুভৱ কৰিছিল। কেৱল এয়াই নহয় তেওঁ কৰ্মচাৰীজনক ধন্যবাদ জনাইছিল যিয়ে তেওঁক চৰ মাৰিছিল।

Category
Profile picture for user UB Photos