দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন........

CAA

দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰাণালয়ে জাৰি কৰিলে অধিসূচনা।

তীব্ৰ প্ৰতিবাদৰ মাজতো ‘কা’ বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে। বৰ্তমান দেশজুৰি আৰক্ষী-প্ৰশাসনক লৈ সষ্টম হৈছে কেন্দ্ৰ। অসমতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।

উল্লেখ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত হৈছিল CAA। ১২ ডিচেম্বৰত CAA গৃহীত হৈছিল ৰাজ্যসভাত। কেইদিনমান পূৰ্বে অমিত শ্বাহে ‘কা’ক লৈ কৰিছিল গুৰুত্বপূৰ্ণ মন্তব্য। অমিত শ্বাহৰ ঘোষণা ‘CAA বলৱৎ হ’বই হ’ব’। নিৰ্বাচনৰ পূৰ্বেই ‘কা’ বলৱৎ হ’বই বুলি কৈছিল অমিত শ্বাহে।

Category
Profile picture for user UB Photos