প্ৰতীক্ষাৰ অন্ত পৰিল! বিশ্ব দৰবাৰত জিলিকিল শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন, লগতে ভাৰ্ছুৱেলী কি কি প্ৰকল্প মুকলি কৰিলে?........

lachit

প্ৰতীক্ষাৰ অন্ত পৰিল! যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে লাচিতৰ বিশাল প্ৰতিমূৰ্তি। বিশ্ব দৰবাৰত জিলিকিল শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন। লাচিতৰ পৰাক্ৰমৰ গাঁথাই পুনৰবাৰ উদ্বুদ্ধ কৰিলে দেশবাসীক। হোলোঙাপাৰৰ মাহেন্দ্ৰ ক্ষণৰ সাক্ষী সমগ্ৰ অসমবাসী।

উল্লেখ্য যে, ১২৫ ফুট উচ্চতাৰ সুবিশাল ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে। লগতে, বিশ্ব পৰ্যটনক্ষেত্ৰত সংযোজিত হ’ল এক নতুন দিগন্তৰ। ধৰ্মীয় ৰীতি-নীতিৰ লগতে ১০ গৰাকী পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে উন্মোচন লাচিতৰ প্ৰতিমূৰ্তি। লক্ষ লক্ষ জনতাৰ সন্মুখত মেলেং মেটেলী পথাৰত মোদীৰ উদাত্ত ভাষণ।

আনহাতে, ভাৰ্ছুৱেলী মুকলি ৰাজ্যৰ কেইবাটাও অভিলাষী প্ৰকল্প। একেলগে মুকলি কৰিলে ৫,৫৫,০৫৫টা PMAYৰ গৃহ। ভাৰ্ছুৱেলী উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়।

শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিলে PMএ। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৩০০ কোটিৰ প্ৰকল্প উদ্বোধন। ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ শুভাৰম্ভ। শুভাৰম্ভ কৰিলে ভাৰতীয় ৰে’লৱেৰ দুটা প্ৰকল্পৰো।

Category
Profile picture for user UB Photos