কাজিৰঙাত মোদী! কাজিৰঙাত কি কি দেখা পালে মাদীয়ে?.......

modi

কাহিলী পুৱাই কুৱলীঁৰ আচ্ছাদন ফালি কাজিৰঙাত প্ৰৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পুৱাৰ ভাগতে কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰীয়ে।

আজি ৯ মাৰ্চ ২০২৪ শনিবাৰে কাজিৰঙাত পৰ্যটনত এক নতুন দিগন্ত। প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে পৰিদৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পুৱাই আৰক্ষী অতিথিশালাৰ পৰা কাজিৰঙাৰ মিহিমুখলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী। প্ৰদ্যুম্ন নামৰ হাতীটোৰ পিঠিত উঠি পুৱা ৫ বাজি ৪৫ মিনিটত কাজিৰঙা প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আঢ়ৈ ঘণ্টাৰ অধিক সময় কাজিৰঙা চফৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাজিৰঙাৰ কঁহৰা ৰেঞ্জত পৰিভ্ৰমণ কৰে প্ৰধানমন্ত্ৰীয়ে। ৮বাজি ২০ মিনিটত কাজিৰঙাত চফৰ সমাপ্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

কাজিৰঙাত হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰীও কৰে প্ৰধানমন্ত্ৰীয়ে। কাজিৰঙাৰ বিগ ফাইভৰ ৪টা জন্তু দেখিলে প্ৰধানমন্ত্ৰীয়ে। হাতী, গঁড়, দল হৰিণ, বনৰীয়া ম’হ দেখা পালে প্রধানমন্ত্ৰী মোদীয়ে। কিন্তু ঢেকিয়াপতীয়া বাঘ দেখাৰ পৰা বঞ্চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ছাফাৰী কৰি মিহিমুখত হাতীক কল খুৱালে মোদীয়ে।

মোদীৰ ভ্ৰমণৰ বাবে কাজিৰঙা কৰ্তৃপক্ষই সাজু কৰিছিল ৩০খনকৈ জীপ। মোদীৰ জীপ ছাফাৰীত একেলগে ১২খন জীপ ব্যৱহাৰ কৰে SPGএ। হাতী ছাফাৰীত প্ৰদ্যুম্নক সংগ দিলে পৱনসহ আন ৩টা হাতীয়ে। কাজিৰঙা মনোমহা পৰিৱেশ উপভোগ কৰি অৰুণাচললৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Category
Profile picture for user UB Photos