কম বয়সতে চুলি বগা হোৱা সমস্যাতো বৰ্তমান সময়ত তেনেই সাধাৰণ বুলি ক'ব পাৰি। কম বয়সত চুলি পকাৰ বাবে বহুতে ডাক্টৰৰ পৰামৰ্শ লোৱাৰ লগতে বিভিন্ন হেয়াৰ কেমিকেল প্ৰডাক্ট ব্যৱহাৰ কৰে।
কিন্তু চিকিৎসকৰ মতে, চুলি খিনিক বাহিৰৰ পৰা যত্ন লোৱাৰ সমান্তৰাল কৈ খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে। শৰীৰৰ লগতে আপুনি চুলি খিনি ভালে ৰাখিব লৈ বিভিন্ন পুষ্টিদায়ক খাদ্য খাব লাগিব।
গতিকে, কম বয়সতে চুলি বগা হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ আজিয়েই আপুনি আপোনাৰ খাদ্যৰ তালিকাত যোগ কৰক কেইবিধ মান খাদ্য -
মিঠা আলু
মিঠা আলুত বিটা-কেৰ'টিনৰ পৰিমান যথেষ্ট বেছি। বিটা-কেৰ'টিন এনেকুৱা এবিধ ভিটামিন যিয়ে আপোনাৰ চুলি খিনি মজবুত ৰখাত সহায় কৰে। ই চুলিখিনিক দীঘল হোৱাত সহায় কৰাৰ লগতে চুলিখিনিক মিহি কৰি ৰাখে। নিয়মিত ৰূপত মিঠা আলু খালে চুলিৰ চমক বঢ়াৰ লগতে সোনকালে চুলি পকাত বাধা দিয়ে।
হালধি
হালধিত এন্টি-ইনফ্লামেটৰীৰ গুণ থকাৰ বাবে এই মচলা বিধে ফ্ৰী-ৰেডীকল্স বেমাৰ বিধৰ লগত যোজ দিব পাৰে। ফ্ৰী-ৰেডীকল্সৰ কাৰণে কম বয়সতে চুলিবোৰ পকা দেখিবলৈ পোৱা যায়। সেয়েহে নিতৌ হালধি খালে চুলি পকাৰ পৰা ৰক্ষা পাব পাৰি। হালধিয়ে শৰীৰটো স্বাস্থ্যবান ৰখাৰ লগতে চুলিৰ প্ৰকৃত ৰঙটো ধৰি ৰখাত সহায় কৰে।
এবাকাডো
ভিটামিন ই ৰে ভৰপূৰ এবাকাডোয়ে চুলি মজবুত ৰাখে। এবাকাডো খালে চুলি মিহি আৰু চুলি ঘন হয়।
চাউলৰ পানী
আমি ব্যৱহাৰ কৰা চেম্পুত থকা কেমিকেলবোৰৰ কাৰণেও কম বয়সতে চুলি পকা দেখিবলৈ পোৱা যায়। আদিম যুগত চুলি ধোৱৰ কাৰণে মানুহবোৰে চাউলৰ পানী ব্যৱহাৰ কৰিছিল। ২-৩ চামুচ চাউল ভাল কৈ ধুই গোটে ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানীৰে চুলি ধুলে চুলি পকা সমস্যাৰ পৰা ৰক্ষা পাব পাৰি।
ক'লা তিল
আইৰণ আৰু ভিটামিনেৰে পৰিপূৰ্ণ ক'লা তিল চুলিৰ বাবে অতি উত্তম। নিয়মিত ৰূপত ক'লা তিল খালে চুলিৰ প্ৰকৃত ৰঙটো ধৰি ৰখে।
- Log in to post comments