কলকাতাত দেশৰ প্ৰথমটো পানী তলৰ মেট্ৰ’ সেৱা মুকলি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে........

metro

দেশত প্ৰথমটো পানী তলৰ মেট্ৰ’ সেৱা মুকলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চ বুধবাৰে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণৰ অংশ হিচাপে কলকাতাত ১৫,৪০০ কোটি টকাৰ ব্যয়ৰে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পাঁচ দিনৰ ভিতৰত এয়া তেওঁৰ দ্বিতীয়টো পশ্চিম বংগ ভ্ৰমণ।

উল্লেখ্য যে, কলকাতা মেট্ৰ’ৰ পূব-পশ্চিম কৰিডৰৰ হাওৰা মৈদান-এছপ্লেনেড অংশ উদ্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পানীৰ তলৰ মেট্ৰ’ সেৱাৰ প্ৰথমটো উদ্যোগ মুকলি কৰে। ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পূব-পশ্চিম মেট্ৰ’ৰ এই অংশটো ৪,৯৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত ভাৰতৰ আটাইতকৈ গভীৰ মেট্ৰ’ ষ্টেচন হ’ব, যিটো ভূপৃষ্ঠৰ পৰা ৩০ মিটাৰ তলত আছে। 

কেন্দ্ৰীয় ৰে’লৱেৰ তথ্য অনুসৰি, কলকাতা মেট্ৰ’ৰ পূব-পশ্চিম কৰিডৰৰ হাওৰা মৈদান-এছপ্লেনেড অংশ আজি উদ্বোধন কৰা হৈছে। আজিয়েই যাত্ৰীৰ বাবে মুকলি কৰা হ’ব ৰে’লপথটো।

Category
Profile picture for user UB Photos