কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ! কোন কোন প্ৰাৰ্থীয়ে কোনটো সমষ্টি পৰা নিৰ্বাচন খেলিব?......

congress

BJPৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতেই কংগ্ৰেছৰ প্ৰাৰ্থী পেনেল প্ৰকাশ। নগাঁৱত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব বৰ্তমানৰ সাসংদ প্ৰদ্যুৎ বৰদলৈ। ধুবুৰীত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন।

যোৰহাট সমষ্টিত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী গৌৰৱ গগৈ। কাজিৰঙাত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ৰ’জলীনা তিৰ্কী। ডিফু সমষ্টিত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী জয়ৰাম ইংলেং। দৰং-ওদালগুৰিত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব মাধৱ ৰাজবংশী।

শিলচৰত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব নৈঋতা জয় শুক্লা। কৰিমগঞ্জত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰী। গুৱাহাটীত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব মীৰা বৰঠাকুৰ। শোণিতপুৰত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব প্ৰেমলাল গঞ্জু। কোকৰাঝাৰত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী প্ৰবীণ বড়ো। 

ডিব্ৰুগড়ত AAPৰ প্ৰাৰ্থী হ’ব মনোজ ধানোৱাৰ। বৰপেটাত CPI(M)ৰ সম্ভাৱ্য প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ। লখিমপুৰত AJPৰ সম্ভাৱ্য প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ। লগতে, শিলচৰত TMCৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা।

Category
Profile picture for user UB Photos