শীঘ্ৰেই অভিভাৱক হ'বলৈ ওলাইছে বলীউদৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিং......

deepika

শীঘ্ৰেই অভিভাৱক হ'বলৈ ওলাইছে বলীউদৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিং। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুয়োৰে জীৱনলৈ আহিব এক নতুন আলহী। ২৯ ফ্ৰেব্ৰুৱাৰী তাৰিখে ছ'চিয়েল মিডিয়াৰ যোগে অনুৰাগী সকলক এই সুখবৰটো দিয়ে দীপিকা পাডুকনে।

deepika

উল্লেখ্য যে, ২০১৮ চনত তাৰকা দম্পতীহালে বিবাহপাশত আৱদ্ধ হৈছিল। এতিয়া বলীউদৰ ডিভা প্ৰথম সন্তানৰ মাতৃ হ'বৈ ওলাইছে। প্ৰথম সন্তানক আদৰণি জনাবলৈ উৎফুল্লিত হৈ পৰিছে দীপিকা পাডুকন আৰু ৰণবীৰ সিং।

দীপিকাই নিজেই এই ভাল খবৰটো ঘোষণা কৰাৰ পাছৰে পৰাই অনুৰাগীয়ে দম্পতীহালক অভিনন্দন জনাইছে।

Category
Profile picture for user UB Photos