বিয়াৰ পাছতে চিৰিয়াখানা চাবলৈ গৈ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু স্বামীৰ, স্বামীৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি চৰম পন্থা পত্নীৰ......

delhi

দিল্লীত নৱবিৱাহিত দম্পতীৰ কৰুণ মৃত্যু! দিল্লীৰ চিৰিয়াখানাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ২৫ বছৰীয়া অভিষেক আহলুৱালীৰ। স্বামীৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি চৰম পন্থা বাছি ল'লে পত্নী অঞ্জলিয়ে।

পৰিয়ালৰ লোকে জানিব লৈ দিয়া মতে, যোৱা ৩০ নৱেম্বৰত বিৱাহপাশত আৱদ্ধ হৈছিল অভিষেক আহলুৱালী আৰু অঞ্জলিয়ে। সোমবাৰে দুয়ো দিল্লীৰ চিৰিয়াখানা চাবলৈ গৈছিল। আৰু তাতে অভিষেকৰ বুকুত বিষ হয়। অঞ্জলিয়ে উপায়বিহীন হয় নিজৰ বন্ধুবৰ্গক ফোন কৰে আৰু হাস্পতাললৈ লৈ যায়।

আৰু অৱশেষত চিকিৎসকে অভিষেকক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ৯ বজাত গাজিয়াবাদৰ বৈশালীস্থিত অহলকান এপাৰ্টমেণ্টত তেওঁৰ মৃতদেহ ঘৰলৈ নিয়া হয়। 

স্বামীৰ অকাল মৃত্যুৰ দুখ সহিব নোৱাৰি অঞ্জলিয়ে সপ্তম মহলাৰ বেলকনীৰ পৰা জাঁপ দিয়ে। গুৰুতৰভাৱে আহত অঞ্জলিক মেক্স হাস্পতাললৈ নিয়া হয় যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে অঞ্জলিয়ে।

Category
Profile picture for user UB Photos