'মই জীয়াই থকালৈকে অসমত বাল্যবিৱাহ হ'ব নিদিওঁ': হিমন্ত বিশ্ব শৰ্মা! মুছলিম বিবাহ আইন খাৰিজক লৈ উত্তপ্ত সদন........

cm

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন। প্ৰশ্নোত্তৰ কালৰে আৰম্ভ সদনৰ কাৰ্যক্ৰমণিকা, প্ৰশ্নোত্তৰ কালৰে আৰম্ভ সদনৰ কাৰ্যক্ৰমণিকা। অন্তিম দিনটোত উত্থাপন হ'ব ১৫ খনৰো অধিক বিধেয়ক।

উল্লেখ্য যে, ১৫ খনৰো অধিক বিধেয়কৰ মাজতে মুছলিম বিবাহ আইন খাৰিজক লৈ উত্তপ্ত হৈ পৰিছে সদন। মুছলিম বিবাহ আইনখনক লৈ কঠোৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। 

তেওঁ কয়: 'কম বয়সীয়া ছোৱালীক বিয়া হ’বলৈ নিদিওঁ', 'কম বয়সীয়া ছোৱালীক লৈ ব্যৱসায় কৰিবলৈ দিয়া নহ'ব'। বাল্য বিবাহ, বহু বিবাহক লৈ বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, 'মই জীয়াই থকালৈকে অসমত বাল্যবিৱাহ হ'ব নিদিওঁ'।

মুছলিম বিবাহ আইনখনক লৈ সদন উত্তপ্ত হোৱাৰ ১০ মিনিটৰ পাছতেই সদন ত্যাগ কৰে কংগ্ৰেছী বিধায়কে। সদনত বহি প্ৰতিবাদ AIUDFৰ। গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহি AIUDFৰ প্ৰতিবাদ।

Category
Profile picture for user UB Photos